/asomiyapratidin/media/media_files/2025/11/13/1-2025-11-13-20-25-44.jpg)
ডিজিটেল সংবাদ, শিলচৰ: নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। ২৯ অক্টোবৰত ১৫ পেকেট নিচাযুক্ত সামগ্ৰী সহ মণিপুৰ আৰু কাছাৰৰ ৩জন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা এটি গোচৰৰ তদন্ত চলাই আৰক্ষীয়ে জিৰিঘাট এলেকাৰ পৰা বুজণ পৰিমাণৰ হেৰ'ইন জব্দ কৰে।
জিৰিঘাট থানাৰ অন্তৰ্গত শিলচৰ- ইম্ফল ৰাষ্ট্ৰীয় পথৰ জুজাং পাহাৰত অভিযান চলাই আৰক্ষীয়ে হেৰ'ইন ভৰ্তি ৫০ টা চাবোনৰ বাকচত জব্দ কৰে। জিৰিঘাট থানাৰ অন্তৰ্গত শিলচৰ- ইম্ফল ৰাষ্ট্ৰীয় পথৰ জুজাং পাহাৰত অভিযান চলাই আৰক্ষীয়ে হেৰ'ইন ভৰ্তি ৫০ টা চাবোনৰ বাকচত জব্দ কৰে।
উল্লেখ্য যে, ২৯ অক্টোবৰত ১৫ পেকেট হেৰ'ইন সহ পয়লাপুলত তিনিজন কুকি লোকক গ্ৰেপ্তাৰৰ পিছত তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে জুজাং পাহাৰত অভিযান চলাই জব্দ কৰে এই ৫০ পেকেট হেৰ'ইন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us