কাইলৈৰ পৰা আৰম্ভ হ'ব বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্ৰীয় অধিৱেশন

চিৰাং জিলাৰ বিজনীৰ বৰলাউগাঁৱৰ থেংফাখ্ৰী ফৌথাৰত অহা ৯ জানুৱাৰীৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্ৰীয় অধিৱেশন।

author-image
Asomiya Pratidin
New Update
hturrqewqewqe

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ বিজনীৰ বৰলাউগাঁৱৰ থেংফাখ্ৰী ফৌথাৰত অহা ৯ জানুৱাৰীৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্ৰীয় অধিৱেশন। প্ৰায় চাৰি কোটি টকা ব্যয় সাপেক্ষে বড়ো সাহিত্য সভাৰ অধিবেশন খনি সুচাৰু সুসম্পন্ন কৰিবলৈ ইতিমধ্যেই সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে। মূল তোৰণৰ পৰা আৰম্ভ কৰি মুখ্য সভাগৃহ, স্মৃতি তৰ্পণ, প্ৰদৰ্শনী, সমূহীয়া ভোজনালয় সকলো দৃষ্টিনন্দন ৰূপত সজাই পৰাই তোলা হৈছে।

উক্ত অধিবেশনৰ কাৰ্যসূচী অনুসৰি অহা ৯ জানুৱাৰীৰ পুৱা ৯ বজাত ড০ মনেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰিব বিটিচিৰ কাৰ্যবাহী সদস্য তথা অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ধীৰাজ বৰগয়াৰীয়ে। ইয়াৰ পিছতে পদ্মলোচন বড়ো সোঁৱৰণী মুখ্য তোৰণ মুকলি কৰিব চিৰাঙৰ আয়ুক্ত যতীন বৰাই। লক্ষেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মুখ্য ষ্টেজ মুকলি কৰিব বিজনী জিলা বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি ফুলীচৰণ বসুমতাৰীয়ে।

একেদৰে, জয় কুমাৰ ব্ৰহ্ম সোঁৱৰণী প্ৰতিনিধি হল মুকলি কৰিব নিচিনা সমষ্টিৰ পাৰিষদ জেমচ বসুমতাৰীয়ে। থুলুংগানী থানদৈ মহেশ্বৰ মুছাহাৰী সোঁৱৰণী পুৰুষ স্বেচ্ছাসেৱক শিবিৰ মুকলি কৰিব চিৰাং জিলা আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই। কনীকা বসুমতাৰী সোঁৱৰণী মহিলা স্বেচ্ছাসেৱক শিবিৰ মুকলি কৰিব বিজনী মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তই। মোহিনী বসুমতাৰী সোঁৱৰণী প্ৰদৰ্শনী মুকলি কৰিব বিজনী মহকুমাধিপতি অৰ্জিত মহাজনে।

WhatsApp Image 2026-01-08 at 11.32.20 PM

আনহাতে, ফাওলাছ হাজোৱাৰী সোঁৱৰণী ভোজনালয় মুকলি কৰিব থুৰিবাৰী সমষ্টিৰ পাৰিষদ খলিলুৰ ৰহমানে। গনেশ বড়ো প্ৰাক্তন বিধায়ক সোঁৱৰণী জিৰণী চ'ৰা মুকলি কৰিব বাসুগাঁৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰনেন মুছাহাৰীয়ে। শিতা নাথ গয়াৰী সোঁৱৰণী পুৰুষৰ প্ৰতিনিধি শিবিৰ মুকলি কৰিব ধালিগাঁও আই অ চি এলৰ প্ৰৱন্ধক মুছুকা বড়োই। প্ৰমীলা নাৰ্জাৰী সোঁৱৰণী মহিলাৰ প্ৰতিনিধি শিবিৰ মুকলি কৰিব বিজনী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক জয়শ্ৰী নাৰ্জাৰীয়ে।

ইফালে, কাতিনাথ গয়াৰী সোঁৱৰণী অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় মুকলি কৰিব বিজনীৰ প্ৰাক্তন বিধায়ক তথা অভ্যৰ্থনা সমিতিৰ সভাপতি কমলসিং নাৰ্জাৰীয়ে। ডাঃ বীৰেন্দ্ৰ বসুমতাৰী সোঁৱৰণী স্বাস্থ্য শিবিৰ মুকলি কৰিব বিজনী মহকুমা চিকিৎসা বিষয়া ডাঃ ৰবিৰাম ওৱাৰীয়ে। বিনোদ ব্ৰহ্ম সোঁৱৰণী মুকলি বজাৰ মুকলি কৰিব মানাহ চেৰফাং সমষ্টিৰ পাৰিষদ ধনঞ্জয় বসুমতাৰীয়ে।

পুৱা ১১.৩০ বজাত অনুষ্ঠিত হ'ব "সপোনৰ পৰা গন্তব্যস্থানলৈ: প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ কৌশল" শীৰ্ষক আলোচনা চক্ৰ। বিয়লি ৩ বজাত অনুষ্ঠিত হ'ব কবি সন্মিলন। বিয়লি ৪.৩০ বজাত অনুষ্ঠিত হ'ব "বডোসকলৰ সমসাময়িক আৰ্থ-সামাজিক জীৱন অন্বেষণ" শীৰ্ষক আলোচনা চক্ৰ। সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ'ব প্ৰথম প্ৰতিনিধি সভা। ইয়াৰ পিছতে সমৰেন্দ্ৰ বসুমতাৰী সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব পানবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সুনীতি বসুমতাৰীয়ে।

আনহাতে, ১০ জানুৱাৰীৰ পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব বড়ো সাহিত্য সভাৰ সভাপতি ড০ শৰত নাৰ্জাৰীয়ে। শ্বহীদ তৰ্পণ কৰিব বড়ো সাহিত্য সভাৰ উপ-সভাপতি সিতাৰাম বসুমতাৰীয়ে। বড়ো সাহিত্য সভাৰ প্ৰয়াত সদস্য সকললৈ  শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানৰ আঁত ধৰিব বড়ো সাহিত্য সভাৰ আন এগৰাকী উপ সভাপতি প্ৰশান্ত বড়োৱে।

Capturehgfhrfgfg

পুৱা ১০ বজাত অনুষ্ঠিত হ'ব স্মৃতিগ্ৰন্থ উন্মোচন আৰু বঁটা প্ৰদান অনুষ্ঠান। বিয়লি ১.৩০ বজাত "পৰিচয় আৰু প্ৰতিৰোধৰ কণ্ঠ: সমসাময়িক বডো সাহিত্যত প্ৰৱণতা আৰু পৰিৱৰ্তন" শীৰ্ষক আলোচনা চক্ৰ উদ্বোধন কৰিব ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। বিয়লি ৩.৩০ বজাত অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ প্ৰাক্তন কৰ্মী সমাৰোহ। ইয়াৰ পিছতে কবিতাৰ গধুলিৰ লগতে দ্বিতীয় প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। সন্ধিয়া শিল্পী মেঘনাথ মুছাহাৰী আৰু সুবনাথ নাৰ্জাৰী সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব শিল্পী ৰজনী স্বৰ্গীয়াৰীয়ে।

ইফালে, ১১ জানুৱাৰীৰ পুৱা ৯ বজাত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰদৰ্শন উদ্বোধন কৰিব বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰীয়ে। ইয়াৰ পিছতে অভ্যৰ্থনা সমিতিৰ সভাপতি কমলসিং নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিতব্য মুকলি সভা উদ্বোধন কৰিব বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো সহ অন্যান্য অতিথিবৃন্দ।

বড়ো সাহিত্য সভা