/asomiyapratidin/media/media_files/2025/11/03/ujjj-2025-11-03-22-50-32.jpg)
ডিজিটেল সংবাদ, শিলচৰ: ৰাজ্যৰ উদ্যোগ ক্ষেত্ৰলৈ সুখবৰ। অসম চৰকাৰৰ কাষ্টোমাইজ পলিচী আৰু Advantage Assam 2-O ৰ আধাৰত বৰাক উপত্যকাত গঢ়ি উঠিছে এটা বৃহৎ মেগা চিমেণ্ট ফেক্টৰী। ৬৫০ কোটি ব্যয়েৰে কাছাৰৰ কাটিগৰাত নিৰ্মাণ কৰা হৈছে এই মেগা চিমেণ্ট ফেক্টৰীটো।
ষ্টাৰ চিমেণ্ট নৰ্থ ইষ্ট লিমিটেডে নিৰ্মাণ কৰা বৰাকৰ সৰ্ববৃহৎ চিমেণ্ট ফেক্টৰীটোৱে বছৰত প্ৰায় ২০ লাখ মেট্ৰিক টন চিমেণ্ট উৎপাদন কৰিব। প্ৰতিদিনে ৪০০ ট্ৰাক চিমেণ্ট উৎপাদন ক্ষমতা সম্পন্ন এই চিমেন্ট ফেক্টৰীটোৱে অহা জানুৱাৰী মাহত উৎপাদন আৰম্ভ কৰিব।
বৰাকৰ সৰ্ববৃহৎ এই চিমেণ্ট ফেক্টৰীটো দেওবাৰে পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয় ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাই। ষ্টাৰ চিমেণ্ট নৰ্থ ইষ্ট লিমিটেডৰ শীৰ্ষ বিষয়া আৰু কাছাৰৰ জিলা আয়ুক্ত মৃদুল কুমাৰ যাদৱ বিধায়ক কমলাক্ষ দে পুৰকায়স্হক লগত লৈ মন্ত্ৰী গৰাকীয়ে চিমেণ্ট ফেক্টৰীটো পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰে। ব্যক্তিগত খণ্ডত বৰাকত এইটো সৰ্ববৃহৎ বিনিয়োগ বুলি মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই।
ইফালে, চিমেন্ট ফেক্টৰীটোত প্ৰতিদিনে ৬ ৰ পৰা ৮ মেট্ৰিকটন চিমেণ্ট উৎপাদন কৰাৰ লগতে প্ৰত্যক্ষ ভাবে ৩০০ জন আৰু পৰোক্ষ ভাবে ১৫০০ জন লোকে কৰ্ম সংস্থাপন লাভ কৰিব বুলি জানিবলৈ দিয়ে ষ্টাৰ চিমেণ্ট নৰ্থ ইষ্ট লিমিটেডৰ কৰ্পোৰেট এফেয়াৰ্চ বিষয়া দিলীপ আগৰৱালাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us