আজি ৬,৩৪৭ গৰাকী তৃতীয় বৰ্গৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ

আগন্তুক ১২ জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত আন এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। য’ত এ ডি আৰ ইত উত্তীৰ্ণ ২৯২ গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব।

author-image
Asomiya Pratidin
New Update
new ap web 1 (42)

ডিজিটেল ডেস্কঃ ১ লাখ নিযুক্তিৰ সীমা অতিক্ৰম কৰি বৰ্তমান অভিলেখ সংখ্যক নিযুক্তিৰ দিশে অগ্ৰসৰ হৈছে ৰাজ্য চৰকাৰ। আজি গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ ৬,৩৪৭ গৰাকী তৃতীয় বৰ্গৰ প্ৰাৰ্থীক পুনৰ আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।

কেৱল তৃতীয় বৰ্গই নহয়, আগন্তুক ১২ জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত আন এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। য’ত এ ডি আৰ ইত উত্তীৰ্ণ ২৯২ গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব।

উল্লেখযোগ্য যে, এই নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ লগে লগে ৰাজ্যখনত নতুনকৈ চৰকাৰী চাকৰি লাভ কৰা মুঠ প্ৰাৰ্থীৰ সংখ্যা ১,৫৬,৬৭৭ গৰাকীলৈ বৃদ্ধি পাব।

শুকুৰবাৰে গুৱাহাটীৰ খানাপাৰাৰ নৱনিৰ্মিত জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত চতুৰ্থ বৰ্গৰ ৪,৩৭৪ গৰাকী প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নৱ-নিযুক্ত কৰ্মীসকলক অভিনন্দন জ্ঞাপন কৰে।

নিযুক্তি পৰীক্ষা চৰকাৰী নিযুক্তি নিযুক্তি মেলা