/asomiyapratidin/media/media_files/2025/12/17/ujjjdd-2025-12-17-12-14-48.jpg)
ডিজিটেল ডেস্কঃ বিশ্বৰ প্ৰায় ৬৩কোটি ইন্টাৰনেট ব্যৱহাকাৰীৰ পাছৱৰ্ড লীক হৈছে। হেকাৰে সংগ্ৰহ কৰিছে ৬৩কোটি ইন্টাৰনেট ব্যৱহাৰকাৰীৰ পাৰ্ছৱৰ্ড। আমেৰিকাৰ তদন্তকাৰী সংস্থা এফ বি আয়ে সদৰি কৰিছে এই তথ্য। এফ বি আয়ে সদৰি কৰিছে যে, ছাইবাৰ ক্ৰাইমৰ এক ডাঙৰ চক্ৰই এই কাণ্ড সংঘটিত কৰিছে। অৱশ্যে ইয়াৰে একাংশ পাচৱৰ্ড উদ্ধাৰ কৰা বুলিও সদৰি কৰিছে তদন্তকাৰী সংস্থাই।
এফ বি আয়ে এই বিষয়টোৰ সন্দৰ্ভত সদৰি কৰিছে যে, এই ৬৩কোটি পাছৱৰ্ডৰ ভিতৰত আছে টেলিগ্ৰাম, মেইলৰ লগতে অন্যান্য সামাজিক মাধ্যমসমূহ। ছাইবাৰ ক্ৰাইমৰ ইতিহাসত এয়া অন্যতম এক গুৰুতৰ ঘটনা বুলিও অভিহিত কৰিছে এফ বি আয়ে।
বিগত কিছু বছৰৰ পৰাই ‘Have I Been Pwned’ নামৰ এটা ৱেবচাইটৰ জৰিয়তে এই অপৰাধ সংঘটিত হৈ আহিছে বুলি সদৰি কৰিছে এফ বি আয়ে। এফ বি আয়ে লগতে সৰ্তকতা জাৰি কৰিছে যে, অচিৰেই সকলো লোকে যাতে তেওঁলোকৰ পাছৱৰ্ড সমূহ সলনি কৰি দিয়ে।
এনে এক গুৰুতৰ ঘটনাৰ মাজতো আইফোন ব্যৱহাৰকাৰীসকলৰ পৰা কোনো তথ্য হেকাৰে লাভ কৰিব পৰা হোৱা নাই বুলি সদৰি কৰিছে এফ বি আয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us