/asomiyapratidin/media/media_files/2025/12/05/whatsapp-im-2025-12-05-19-26-47.jpeg)
ডিজিটেল ডেস্কঃ অসমত আগন্তুক ৬ মাহৰ ভিতৰত যোৰহাট-ডিব্ৰুগড় সংযোগী পথৰ মেৰামতিৰ কাম কৰা হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে লোকসভাত প্ৰকাশ কৰিছে। শুকুৰবাৰে লোকসভাত সাংসদ গৌৰৱ গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে।
মন্ত্রী গাডকাৰীয়ে লগতে শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ চাৰিটা লেনযুক্ত পথ সম্প্ৰসাৰণৰ কামো শীঘ্ৰে আৰম্ভ হ'ব বুলিও উল্লেখ কৰে। পথছোৱা সম্প্ৰসাৰণৰ ক্ষেত্ৰত অনিয়ম হোৱাৰ কথা স্বীকাৰ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্রহণ কৰা হ'ব বুলি সদনক আশ্বাস দিয়ে।
সাংসদ গগৈয়ে যোৰহাট-ডিব্ৰুগড় সংযোগী ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ দুৰৱস্থাৰ কথা উল্লেখ কৰি কয়, বিগত বৰ্ষত পথটোৰ জাঁজী অংশৰ কাম কিছু পৰিমাণে আগবাঢ়িল যদিও শিৱসাগৰৰ পৰা মৰাণলৈকে ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ অৱস্থা এতিয়াও শোচনীয় হৈ আছে।
উল্লেখ্য যে, জনস্বার্থজড়িত এই বিষয়টোৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক তৎকালে হস্তক্ষেপ কৰি ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমক জবাবদিহি কৰাৰ উপৰি কঠোৰ নিৰ্দেশ দিবলৈ আহ্বান জনাই সাংসদ গৌৰৱ গগৈয়ে।
বিৰোধী উপ-দলপতিগৰাকীয়ে কেন্দ্ৰীয় মন্ত্রী নীতিন গাডকাৰীয়ে শেহতীয়াকৈ সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা ভিডিঅ'ত ঘণ্টাত ১৩০ কিলোমিটাৰ বেগেৰে দেশৰ বাকী অংশত গাড়ী চলাব পৰাৰ প্ৰসংগ উল্লেখ কৰি কয়, অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে ই কেতিয়াও সম্ভৱ নহয়।
তেওঁ লগতে কয়, ৰাজ্যখনৰ জনসাধাৰণে যথেষ্ট পৰিমাণ টোল কৰ দি অতি বিপদসংকুলভাৱে শোচনীয় পথেৰে যাতায়ত কৰিবলগীয়া হয়। ই কেতিয়াও গ্রহণযোগ্য হ'ব নোৱাৰে বুলি সদনত নিজৰ প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us