ধেমাজিৰ অসামৰিক চিকিৎসালয়ত ছেলাইন দিয়াৰ পাছতে এটি ৬ মহীয়া শিশুৰ মৃত্যু...

চিকিৎসক বিছাৰি ৰাইজৰ হাহাকাৰ
ধেমাজিৰ অসামৰিক চিকিৎসালয়ত ছেলাইন দিয়াৰ পাছতে এটি ৬ মহীয়া শিশুৰ মৃত্যু...

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি অসামৰিক চিকিৎসালয়ত বুধবাৰে এটি ছমহীয়া শিশুৰ আকস্মিকভাৱে মৃত্যু ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ঘটনাৰ বিৱৰনী মতে নৰোৱাথান পোৱাশইকীয়া গাঁৱৰ প্ৰনৱ দুৱৰাৰ ছমহীয়া শিশুিটিৰ বুধবাৰে পুৱা ঘৰত অত্যাধিক কাঁহ হোৱাৰ পৰিপেক্ষিতত বুধবাৰে পুৱা ৯:৩০ বজাত শিশুটিক ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰি ডাক্তৰক দেখুওৱাৰ পাছত আই চি ইউত ভৰ্তি কৰে ৷ নাৰ্চে শিশুটিক এটা চেলাইন দিয়াৰ পাছত দিনৰ ১১ বজাত চিকিৎসালয়ৰ আই চি ইউ কক্ষৰ পৰা পৰিয়ালৰ লোকক শিশুটোৰ মৃত্যু হোৱা বুলি জনায় ৷ লগে লগে শিশুটিৰ পিতৃ প্ৰনৱ দুৱৰাই চিকিৎসালয়ৰ অধীক্ষকক ভুল চিকিৎসাত মৃত্যু হোৱাৰ অভিযোগ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷

ইফালে ধেমাজি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা° বিনোদ বৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে চিকিৎসালয় খনত ৩২ জন চিকিৎসক আছে ৷ প্ৰসুতিৰোগ বিশেষজ্ঞ ৩ গৰাকী আছে যদিও প্ৰতিমাহে পাঁচশৰ পৰা ছয়শ টা চিজাৰিয়ান অস্ত্ৰোপচাৰ সম্পন্ন আৰু ২৫০ পৰা ৩০০ টা নৰ্মেল কেছ সম্পন্ন কৰা হয় ৷

প্ৰতি বছৰে ৮ ৰ পৰা ১০ টাকৈ মৃত্যুমুখত পৰা শিশুৰোগ বিভাগত ২ জন চিকিৎসক আছে ৷ অধীক্ষক গৰাকীৰ মতে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা নাই চিকিৎসালয় খনত ৷ খোৱাপানীৰ সংকটত ভূগিছে চিকিৎসালয় খন ৷

৩ জন শল্য চিকিৎসক থকা ধেমাজি চিভিলত প্ৰতিমাহে ৮০ পৰা এশটা অস্ত্ৰোপচাৰ সম্পন্ন হয় ৷ যোৱা মাহত মাত্ৰ ১৯ টা অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয় ৷ চিকিৎসালয়ত নাই কোনো জ্যেষ্ঠ চিকিৎসক ৷

আনহাতে ধেমাজি জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ জগত মোহন প্ৰসাদে সাংবাদিকক জানিবলৈ দিয়া মতে বুধবাৰে ছমহীয়া শিশুটিৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰা হব ৷

চিভিলত থকা আন দুজন স্নাতকোত্তৰৰ ছাত্ৰৰ কাৰ্যকাল আগন্তুক ডিছেম্বৰলৈ ৷ জেষ্ঠ্য শল্য চিকিৎসক সমগ্ৰ জিলাখনত মাত্ৰ এজন আছে সেইজনো চিলাপথাৰত থাকে ৷ ধেমাজি চিভিলৰ ৰাইজৰ সুবিধাৰ বাবে ডা° বিজু বৰুৱাক চিলাপথাৰত তিনিদিন আৰু ধেমাজি চিভিলত তিনিদিনকৈ দ্বায়িত্ব পালনৰ বাবে নিৰ্দেশ দিয়াৰ কথা জানিবলৈ দিয়ে যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক গৰাকীয়ে ৷ তেনেস্থলত প্ৰশাসনে নিযুক্তি নিদিলে অস্ত্ৰোপচাৰ সম্ভৱ নহ'ব চিকিৎসালয় খনত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in