/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/bmw-cobra-750.jpeg)
ডিজিটেল ডেস্কঃ এখন বিলাসী বাহন। পৰুৱাও ভিতৰত সোমাব নোৱাৰা সুৰক্ষাৰ গেৰান্টি প্ৰদান কৰা এক অভিজাত কোম্পানীৰ দ্বাৰা নিৰ্মিত বিলাসী বাহনৰ ভিতৰত সোমাই পৰা এটা ফেটী সাপে ৬ ঘন্টা ধৰি নগুৰ নাকটি কৰিলে দুই যাত্ৰীক। এই ঘটনা সংঘটিত হৈছে তামিলনাডুত। ভাইৰেল হৈ পৰিছে ভিডিঅ'।
বৃহস্পতিবাৰে নিশা এগৰাকী বন্ধুৰ সৈতে মাদুৰাইৰ এখন বিয়ালৈ নিজৰ BMW বিলাসী বাহনখনেৰে ৰাওনা হৈছিল এগৰাকী ব্যৱসায়ী। মুথুৰাৰ সমীপতে ঘাইপথত তেওঁলোকৰ বাহনখন এডাল সাপৰ ওপৰেৰে পাৰ হয়। ব্যৱসায়ীজন আৰু তেওঁৰ বন্ধুৱে গাড়ীৰ চেপাত সাপডালৰ মৃত্যু ঘটা বুলি সন্দেহ কৰি গাড়ীৰ পৰা নামি মৰা সাপডাল বিচাৰি চলাথ কৰে। বহুসময় বিচাৰিও দেখা নোপোৱাত দুয়ো পুনৰ যাত্ৰা আৰম্ভ কৰে।
যাত্ৰাৰ কিছু সময় পিছতে সাপডাল গাড়ীৰ বনেটত প্ৰত্যক্ষ কৰি হতচকিত হৈ পৰে দুই বন্ধু। লগে লগে তেওঁলোকে উদ্ধাৰকাৰী দল আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও বহু সময় চেষ্টা কৰাৰ পিছতো সাপডাল উলিয়াবলৈ সক্ষম নহ'ল। BMWৰ চাৰ্ভিছ চেন্টাৰত সহায়ৰ বাবে ফোন কৰাত জনোৱা হয় যে উন্নত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা এই বিলাসী বাহনখনৰ ভিতৰত সাপ কিয় পতংগ এটাও সোমাব নোৱাৰে।
ইয়াৰ পিছত নিৰুপায় হৈ দুই বন্ধুৱে বাহনখন কইম্বাটুৰস্থিত BMWৰ চাৰ্ভিছ চেন্টাৰলৈ নিয়ে। তাতো মেকানিকসকলে বহু সময় চেষ্টা কৰিও বাহনখনৰ ভিতৰত সাপডাল বিচাৰি উলিয়াবলৈ সক্ষম নহ'ল। ইয়াৰ পিছতে সাপডাল উলিয়াবৰ বাবে এটা স্বেচ্ছাসেৱী সংগঠনৰ সৰ্প বিশেষজ্ঞ আৰ সঞ্জয়ক মাতি অনা হয়।
আৰ সঞ্জয়ে বহু সময় চেষ্টা চলাই বাহনখনৰ বনেট খুলি অৱশেষত সাপ ডাল সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ৬ ফুট দৈৰ্ঘ্যৰ এই সাপডালে হাড়ত আঘাত পোৱা বুলিও জানিবলৈ দিয়ে সৰ্প বিশেষজ্ঞজনে। পিছত সাপডাল জংঘলত এৰি দিয়া হয়। ইফালে এই ঘটনাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে সকলোৱে আশ্বৰ্য প্ৰকাশ কৰিছে। পৰুৱা সোমাব নোৱাৰা বুলি দাবী কৰা BMWৰ ভিতৰত কিদৰে ফেটী সাপ সোমাল তাক লৈয়ো নেটিজেনসকলৰ মাজত সৃষ্টি হৈছে চাঞ্চল্যৰ।