/asomiyapratidin/media/media_files/2025/08/08/karate-8-2025-08-08-18-34-32.jpg)
ডিজিটেল ডেস্কঃ শনিবাৰৰ পৰা দুদিনীয়াকৈ গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ডি টি আৰ পি ইণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব "পঞ্চম গুৱাহাটী জিলা কাৰাটে চেম্পিয়নশ্বিপ-২০২৫’’ । সদৌ অসম কাৰাটে সন্থাৰ অধীনত তথা গুৱাহাটী কাৰাটে সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'বলগা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব গুৱাহাটীৰ ৪৯ টা ক্লাবে। ক্ৰীড়াঙ্গনত সমাবেশ ঘটিব ১৫০০ গৰাকী খেলুৱৈ আৰু টেকনিকেল অফিচিয়েলৰ।
ছাব-জুনিয়ৰ, কেডেট, জুনিয়ৰ, ২১ অনুৰ্ধ আৰু ছিনিয়ৰ শাখত ল'ৰা-ছোৱালী উভয়ে প্ৰতিযোগিতাখনত অৱৰ্তীণ হ'ব। এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক জ'নেল আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে খেলুৱৈক কৰা হ'ব বাচনি।
উল্লেখ্য যে, প্ৰতিবছৰে গুৱাহাটী কাৰাটে সন্থাই "শ্ৰেষ্ঠ ক্লাব"ৰ সন্মান প্ৰদান কৰি আহিছে। এইবাৰৰ পৰা এই বঁটাটো এসময়ৰ সুদক্ষ খেলুৱৈ তথা প্ৰশিক্ষক স্বৰ্গীয় ৰঞ্জিত কলিতাৰ সোঁৱৰণত প্ৰদান কৰিব সন্থাই।