কি কি আছে ২০২৬-২৭ বৰ্ষৰ লেখানুদানত, পঢ়ক সৱিশেষ

সদনৰ মজিয়াত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে ২০২৬-২৭ বৰ্ষৰ লেখানুদান। আগন্তুক বিত্তীয় বৰ্ষৰ ৪ মাহৰ বাবে অৰ্থাৎ ২০২৬-২০২৭ বৰ্ষৰ বাবে ২০২৬ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা জুলাই মাহলৈ দাখিল কৰে ব্যয়ৰ লেখানুদান।

author-image
Asomiya Pratidin
New Update
new ap web 4.jpg (2)

ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিন ৷ পুৱাৰ পৰা আৰম্ভ হয় এই অধিৱেশনৰ কাৰ্যসূচী । সদনৰ মজিয়াত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে ২০২৬-২৭ বৰ্ষৰ লেখানুদান। আগন্তুক বিত্তীয় বৰ্ষৰ ৪ মাহৰ বাবে অৰ্থাৎ ২০২৬-২০২৭ বৰ্ষৰ বাবে ২০২৬ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা জুলাই মাহলৈ দাখিল কৰে ব্যয়ৰ লেখানুদান। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দাখিল কৰা লেখানুদানত আৰু বহুকেইটা ঘোষণা কৰে। 

WhatsApp Image 2026-02-17 at 2.33.46 PM

বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট ভাষণ আৰম্ভ কৰি কয় -  “২০২৬-২৭ত বিকাশৰ হাৰ ১৬.৯৩ শতাংশ হ’ব। GSDP ৮.৭১ লাখ কোটি টকা হ’ব। ২০২৮ৰ ভিতৰত ১০ লাখ কোটি টকাৰ অৰ্থনীতি হ’ব অসম। নিৰ্ধাৰিত লক্ষ্যৰ দুবছৰ পূৰ্বেই উপনীত হ’ব লক্ষ্যত।” লগতে কয় যে- বিগত ৫ বছৰত দুগুণ হৈছে ৰাজ্যৰ জনমূৰি আয়। ২০২০-২১ত জনমূৰি আয় আছিল ৮৬,৯৪৭ টকা। ২০২৫-২৬ত জনমূৰি আয় হৈছে ১,৮৫,৪২৯ টকা। ৫ বছৰত ৰাজ্যৰ জনমূৰি আয় ১১৩ শতাংশ বৃদ্ধি হৈছে। দেশৰ ভিতৰত অসমত দ্ৰুতগতিত বৃদ্ধি হৈছে জনমূৰি আয়। বিগত ৫ বছৰত দুগুণ হৈছে ৰাজ্যৰ জনমূৰি আয়।”

আন বহু কেইটা ঘোষণা কৰে  বিত্তমন্ত্ৰীগৰাকীয়ে। তেওঁ  উল্লেখ কৰে যে- অসমত ৫টা নতুন বিমান বন্দৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছে। নগাঁও, ডিফু, উমৰাংছ’,মাজুলী আৰু মানাহত হ’ব বিমানবন্দৰ।  ইপিনে  গ্ৰামাঞ্চলত ২৩.৪ ঘণ্টা বিজুলী যোগান ধৰা হৈছে। অহা মাৰ্চৰ পৰা চাহ বাগানৰ ভূমিপট্টা প্ৰদান আৰম্ভ হ’ব। ৩.৫০ লাখ চাহ শ্ৰমিকৰ পৰিয়ালে লাভ কৰিব ভূমিৰ অধিকাৰ। চাহ বাগিছা অঞ্চলৰ গৰ্ভৱতী মহিলা লৈ আগবঢ়োৱা হৈছে ১৫হাজাৰ টকা। এটি কলি দুটি পাত আঁচনিৰ অধীনত ৩৪২কোটি টকাৰ ব্যয়ৰ লগতে 
৬ লাখতকৈ অধিক চাহ শ্ৰমিকক গাইপতি ৫হাজাৰ টকাকৈ এককালীন সাহায্য

উল্লেখ্য যে, এই বাজেটত অপ্ৰাদেশীকৃত শিক্ষক আৰু টিউটৰৰ বাবে বাজেটত ভাল খবৰ। গুৰুদক্ষিণা আঁচনিৰ জৰিয়তে দিয়া হ’ব এককালীন সাহায্য। শিক্ষকৰ চাকৰি প্ৰাদেশিকীকৰণৰ বাবে মুকলি হ’ব প’ৰ্টেল। যোগ্য শিক্ষক আৰু টিউটৰৰ চাকৰি প্ৰাদেশিকীকৰণ হ’ব।” লগতে বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে-  “এয়াৰপ’ৰ্টৰ পৰা জাগীৰোডলৈ এলিভেটেড কৰিড’ৰৰ পৰিকল্পনা কৰা হৈছে।  গুৱাহাটী-ডিব্ৰুগড়ৰ মাজত এক্সপ্ৰেছ কৰিড’ৰৰ পৰিকল্পনা কৰিছে ।

এই বাজেটত লাখপতি বাইদেউসকলৰ বাবে আছে ভাল খবৰ। বিত্তমন্ত্ৰী অজন্তা নেওগে কয়,MMUAৰ অধীনত ‘লাখপতি বাইদেউ’ৰ দ্বিতীয় পৰ্যায় আৰম্ভৰ সিদ্ধান্ত। লাখপতি বাইদেউসকলক দ্বিতীয় পৰ্যায়ৰ ২৫ হাজাৰ টকা প্ৰদান কৰা হ'ব। ইয়াৰ সমান্তৰালকৈ বাজেটত নগৰীয়া ঔদ্যোগিক কৰিড’ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। গুৱাহাটী-জাগীৰোড-পলাশবাৰীলৈ গঠন হ’ব দ্বৈত মহানগৰী। লগতে বিত্তমন্ত্ৰী অজন্তা নেওগে কয় -আমি গঁড়ৰ চোৰাং চিকাৰ শূন্য কৰিবলৈ সক্ষম হৈছোঁ। ইপিনে  প্ৰধানমন্ত্ৰীৰ ‘সূৰ্য ঘৰ’ আঁচনিত ৪৫ হাজাৰ টকা ৰাজসাহায্য। PMAY আঁচনিত ৫ বছৰত ১৭,০৭,৯৮৭ গৃহ নিৰ্মাণ হৈছে। বাজেটত  এই কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে। লগতে বাজেটত মুখ্যমন্ত্ৰীয়ে ডাভোছত WEFত অংশ লোৱাৰ কথা উল্লেখ কৰে  বিত্তমন্ত্ৰী অজন্তা নেওগে। 

বিত্তমন্ত্ৰী অজন্তা নেওগে  কয় যে- নুমলীগড় শোধনাগাৰ লিমিটেডক শক্তিশালী কৰাৰ ক্ষেত্রত কৌশলগত বিনিয়োগ অব্যাহত আছে। শোধনাগাৰটোত ৰাজ্য চৰকাৰৰ অংশীদাৰিত্বৰ মূল্য ৫,১০০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। চলিত বৰ্ষত শুভউদ্বোধন কৰা হ’ব ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ। লগতে ৰাজ্যৰ ভিতৰত প্রতিষ্ঠানিক ঋণৰ প্রবাহ অধিক শক্তিশালী কৰা হৈছে।ঋণ জমাৰ অনুপাত ২০২১ চনৰ ৫৬.০৯%ৰ পৰা ২০২৫ৰ ৭৪.৪৮%লৈ বৃদ্ধি। ইপিনে বিত্তমন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনি সন্দৰ্ভত কয় যে ২০২১ বৰ্ষত অৰুণোদয় আঁচনিয়ে ১৯ লাখ পৰিয়ালক সামৰি লৈছিল। বৰ্তমানলৈ এই আঁচনিখনে ৪০ লাখ ‘অৰুণোদয় পৰিয়াল’লৈ সামৰি লৈছে। আৰু কয় যে - বৰ্তমানলৈ স্বচ্ছতাৰে ১.৫৮ লাখ যুৱক-যুৱতীক চাকৰি প্ৰদান কৰা হৈছে। লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ বাবে ২৫শত কৈ অধিক হিতাধিকাৰীলৈ ১লাখ টকা। 

আনফালে বিত্তমন্ত্ৰী অজন্তা নেওগে বৃদ্ধ পেঞ্চন আঁচনি সন্দৰ্ভ কয় যে-  বৃদ্ধ পেঞ্চন আঁচনিৰ অনুদানৰ পৰিমান ২৫০ৰ পৰা ৪০০ টকালৈ বৃদ্ধি । বিধৱা পেঞ্চন আঁচনিৰ পৰিমান ৩০০ৰ পৰা ১২৫০টকালৈ বৃদ্ধি। ইপিনে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনিন আঁচনিৰ অধীনত ১১,৫৯,১৩৭ হিতাধিকাৰীক সামৰি লৈছে। আৰু ৩বছৰত প্ৰসূতিৰ মৃত্যুৰ হাৰ ৪৪ শতাংশলৈ হ্ৰাস পাইছে। লগতে বিত্তমন্ত্ৰী অজন্তা নেওগে  কয়- মাত্ৰ ৪ বছৰতে চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৭ৰ পৰা ১৪লৈ বৃদ্ধি পাইছে।  GMCHত প্ৰ’টন থেৰাপি মেচিন সংস্থাপনৰ বাবে ৫০০কোটি ধাৰ্য কৰা হৈছে। 

চিকেন নেকত আণ্ডাৰগ্ৰাউণ্ড ৰে’লপথ নিৰ্মাণৰ প্ৰস্তাৱক আদৰণি জনাইছে। ব্ৰহ্মপুত্ৰৰ ওপৰত এতিয়া ৮খন কাৰ্যক্ষম দলং আছে। ব্ৰহ্মপুত্ৰৰ ওপৰত ৪খন দলঙৰ কাম চলি আছে। ৩খনৰ পৰা আমাৰ দিনত ব্ৰহ্মপুত্ৰৰ ওপৰত ১২খন দলং হ’ল। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ সন্দৰ্ভত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে- মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰঅধীনত ৫.৫লাখতকৈ অধিক ছাত্ৰীক প্রতি মাহে আৰ্থিক সাহাৰ্য প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ জৰিয়তে ৪৭,৪২৮ ছাত্ৰক আৰ্থিক সাহাৰ্য প্ৰদান। আৰু কয়, প্রজ্ঞান ভাৰতী আঁচনিৰ জড়িয়তে অৰ্থনৈতিকভাৱে দুৰ্বল শীক্ষাৰ্থীলৈ ৭৮০কোটি টকাৰ মাছুল ৰেহাই। ইপিনে অসমৰ ৭খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে- অবৈধ বেদখলমুক্ত কৰা হৈছে প্ৰায় ১.৪৫ লাখ বিঘা ভূমি। 

ইপিনে ৯০৫৪টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰে ৩৮৭০টা কেন্দ্ৰৰ কাম সম্পূৰ্ণ হৈছে। অংগনবাড়ী কৰ্মীৰ মাহিলি পাৰিতোষিক ৮হাজাৰ টকালৈ বৃদ্ধিৰ লগতে অংগনবাড়ী সহায়িকাৰ পাৰিতোষিক ৪হাজাৰ, ৰান্ধনীৰ ২হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে।বিত্তমন্ত্ৰীগৰাকীয়ে কয়- নামৰূপত ১২.৭লাখ মেট্ৰিক টন ক্ষমতা সম্পন্ন ব্ৰাউনফিল্ড এম’নিয়া ইউৰিয়া প্ৰকল্প। ১৮,৬০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব গহপুৰ-নুমলীগড় টুইন টানেল। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে- ৰাজ্যৰ ২.৪৯ কোটি লোকলৈ বিনামূলীয়া চাউল প্রদান। 

অজন্তা নেওগ