/asomiyapratidin/media/media_files/2025/12/30/ughgchjghcxc-2025-12-30-09-32-17.jpg)
ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৫৯ সংখ্যক অসম জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপ ২০২৫ৰ ল’ৰা শাখাত তেজপুৰ দলে খিতাপ অৰ্জন কৰাৰ লগতে ছোৱালী শাখাত শিৱসাগৰ দল খিতাপ দখল কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/30/whatsapp-image-m-2025-12-30-09-32-38.jpeg)
উল্লেখযোগ্য যে, অসম ক্ৰীড়া সন্থাৰ আহ্বানত দক্ষিণ শালমাৰা-মানকাচৰ জিলা ক্ৰীড়া সন্থাই অসম ভলীবল সন্থাৰ সহযোগত ২৭ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত ৫৯ সংখ্যক অসম জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/30/whatsapp-imag-2025-12-30-09-32-56.jpeg)
প্ৰথমবাৰৰ বাবে মানকাচৰত আয়োজন কৰা এই জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপত ল’ৰা শাখাত ২৪ খন জিলাই অংশগ্ৰহণ কৰাৰ লগতে ছোৱালী শাখাত ১৫ খন জিলা অংশগ্ৰহণ কৰে। সোমবাৰে সন্ধিয়া ৬ বজাত ছোৱালী শাখাৰ চুৰান্ত প্ৰতিযোগিতাখন শিৱসাগৰ আৰু ডিব্ৰুগড় দলৰ মাজত অনুষ্ঠিত হয়। ৩-০ ৰ ব্যৱধানত শিৱসাগৰ দল ডিব্ৰুগড়ক পৰাস্ত কৰি জুনিয়ৰ ভলীবল ২০২৫ ৰ খিতাপ অৰ্জন কৰে।প্ৰতিযোগিতা খনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে শিৱসাগৰ দলৰ প্ৰাৰ্থনা গগৈয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/30/whatsapp-image-2025-12-30-09-33-31.jpeg)
আনহাতে, সন্ধিয়া ৮ বজাৰ পৰা ল’ৰা শাখাত গহপুৰ আৰু তেজপুৰ জিলাৰ মাজত চুৰান্ত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। চুৰান্ত প্ৰতিযোগিতাত গহপুৰ দলক তেজপুৰ দল ৩-১ৰ ব্যৱধানত পৰাস্ত কৰি জুনিয়ৰ ভলীবল ২০২৫ ৰ খিতাপ অৰ্জন কৰে। ল’ৰা শাখাত তেজপুৰ দলৰ হিমাংশু বৰা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us