/asomiyapratidin/media/media_files/2025/08/26/new-ap-web-3-11-2025-08-26-21-44-59.jpg)
ডিজিটেল ডেস্কঃ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ মাজত যেন প্ৰত্যক্ষ সংঘাতৰহে সৃষ্টি হৈছে। নিৰ্বাচনত ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীক লৈ মুকলি পত্ৰ লিখিছে দেশৰ ৫৬ জন প্ৰাক্তন ন্যায়াধীশে। এই পত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সন্দৰ্ভত একাংশ অৱসৰপ্ৰাপ্ত ন্যায়াধীশে কৰা মন্তব্যক তীব্ৰ আপত্তি প্ৰকাশ কৰা হৈছে। ৰাজনৈতিক বক্তব্যৰ দ্বাৰা ন্যায়পালিকাৰ মৰ্যাদাৰ ক্ষতি হোৱা বুলিও এই পত্ৰখনত উল্লেখ আছে।
এই মুকলি পত্ৰখন দেশৰ ৫৬ গৰাকী প্ৰাক্তন ন্যায়াধীশে স্বাক্ষৰ কৰিছে। ইয়াৰ ভিতৰত আছে প্ৰাক্তন মুখ্য ন্যায়াধীশ পি সদাশিৱম, ৰঞ্জন গগৈ আৰু উচ্চতম ন্যায়ালয়ৰ লগতে উচ্চ ন্যায়ালয়ৰ বহু প্ৰাক্তন ন্যায়াধীশ। এই অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলে উল্লেখ কৰে যে, একাংশ প্ৰাক্তন ন্যায়াধীশৰ বাৰে বাৰে ৰাজনৈতিক বক্তব্য বাবে ন্যায়পালিকাৰ মৰ্যাদা আৰু নিৰপেক্ষতাৰ ক্ষতি হৈছে।
উল্লেখযোগ্য যে, গৃহমন্ত্ৰী অমিত শ্বাহে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হৈ থকাৰ সময়ত বিৰোধীৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী সুদৰ্শন ৰেড্ডীয়ে 'ছালৱা জুডুম'ৰ সন্দৰ্ভত দিয়া সিদ্ধান্ত সন্দৰ্ভত মন্তব্য কৰিছিল। শ্বাহে কৈছিল যে, "প্ৰাক্তন ন্যায়াধীশ সুদৰ্শন ৰেড্ডী সেই একেজন ব্যক্তি যিয়ে নক্সালবাদক সহায় কৰিছিল। নহ’লে ২০২০ চনৰ ভিতৰতে নক্সালবাদীৰ অন্ত হলহেঁতেন।"
অমিত শ্বাহৰ এই বক্তব্য সন্দৰ্ভত সুদৰ্শন ৰেড্ডীয়ে সদৰি কৰিছিল যে, তেওঁ নক্সালৰ সমৰ্থক নহয় আৰু ভাৰতৰ সংবিধান তেওঁৰ মতাদৰ্শ। তেওঁ লগতে উল্লেখ কৰিছিল যে 'ছালৱা জুডুম'ৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত আৰু ই মাওবাদীৰ পক্ষত নহয়। তেওঁৰ সমৰ্থনত ওলাই আহি প্ৰায় ১৮ জন প্ৰাক্তন ন্যায়াধীশে অমিত শ্বাহৰ মন্তব্যক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছিল। ইয়াৰ ভিতৰত অন্যতম আছিল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ কুৰিয়ান জোচেফ, মদন বি লোকুৰ আৰু জে চেলামেশ্বৰৰ দৰে ব্যক্তি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us