/asomiyapratidin/media/media_files/2025/09/02/ujjjd-2025-09-02-11-38-11.jpg)
ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত আমি ওপৰতে দেখা সকলোবোৰ যে সঁচা নহয়, সেয়া শেহতীয়াকৈ ঘটা এটা ঘটনাই পুনৰ প্ৰমাণ কৰিলে। ইনষ্টাগ্ৰামত এগৰাকী যুৱতীৰ সৈতে এজন যুৱকৰ চিনাকি হৈছিল। যুৱকজনৰ বয়স আছিল ২৭ আৰু যুৱতীগৰাকীৰ বয়স আছিল ২৫। যিমানে সময় বাগৰিছিল সিমানেই দুয়োৰে মাজত সম্পৰ্ক অধিক দৃঢ় হৈছিল।
দিনে-ৰাতিয়ে মেছেজৰ লগতে ফোন পাতিলে কথা। কথা বহুদূৰ আগবাঢ়িল। বিয়াৰ কথাও আলোচনা কৰিলে। যুৱতীগৰাকীয়ে ঘৰত কথা পাতিবলৈ মাতি পঠিয়ালে যুৱকজনক। এটা দিন ঠিক কৰি যুৱতীগৰাকীৰ ঘৰ ওলালগৈ যুৱকজন। কিন্তু যুৱতীগৰাকীৰ ঘৰ পোৱাৰ পাছতে আচৰিত হ'ল যুৱকজন।
ইমানদিনে যুৱকজনে যাৰ সৈতে কথা পাতি আছিল তেওঁৰ বয়স আচঁলতে ২৫নহয়! ৫২বছৰীয়া এগৰাকী মহিলাৰ সৈতেহে তেওঁ কথা পাতি আছিল। যুৱকজনে সেই সময়তেই তাৰ পৰা পলাব বিচাৰিছিল যদিও মহিলাগৰাকীৰ পৰিয়ালে তেওঁক ধৰি ৰাখে।
এনেকৈ প্ৰায় ডেৰ বছৰ সময় কটাইছিল তেওঁলোকে। কিন্তু কিছুদিনৰ পূৰ্বে হঠাতে উদ্ধাৰ হ'ল ৫২বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ। আৰক্ষীয়ে তদন্ত কৰি ধৰা পেলালে যে সেই যুৱকগৰাকীয়েই হত্যা কৰিছিল মহিলাগৰাকীক। যুৱকগৰাকীক সোধপোচৰ অন্তত স্বীকাৰ কৰিলে যে, ডিঙি চেপি হত্যা কৰা হৈছিল মহিলাগৰাকীক।
এই ঘটনা সংঘটিত হৈছে ফাৰুখাবাদৰ জিলোঠী জিলাত। মণিপুৰী নামৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। এই ঘটনাই এতিয়া ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছে। সামাজিক মাধ্যমত দেখা সকলো বস্তুয়ে যে সচাঁ নহয়, সেই কথা আকৌ প্ৰমাণ হ'ল এই ঘটনাটোৰ জৰিয়তে।