/asomiyapratidin/media/media_files/2025/10/26/gdfgdfg-2025-10-26-17-12-51.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ পঞ্চাশটা বৰ্ষ গৰকিলে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ধেমাজি নগৰ প্ৰাথমিকে৷ শনিবাৰৰ পৰা দুদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে নগৰ নামঘৰত আয়োজন কৰা হয় সোনালী জয়ন্তী সামৰণি অনুষ্ঠান ৷
কাৰ্যসূচী অনুসৰি দেওবাৰে দুপৰীয়া ধেমাজি নগৰত বাহিৰ কৰা হয় ভাগৱত ভ্ৰমণ। এই ভাগৱত ভ্ৰমণত বাপ আই সকলে অংশগ্ৰহণ কৰি কৃষ্ণ নামৰ হৰিধ্বনিৰে মুখৰিত কৰি তোলে ধেমাজি চহৰৰ আকাশ বতাহ ৷ ইয়াৰ পিছতেই উদ্যাপন সমিতিৰ সভাপতি চানক্য শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনি উদ্বোধন কৰে মূলৰ সদস্য আৰু প্ৰচাৰক দেৱ কুমাৰ গগৈয়ে ৷ নিদিষ্ট বক্তা হিচাবে উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ উপ পদাধিকাৰ চন্দ্ৰ হাজৰিকা ৷ লগতে, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জিলা সভাপতি টংকেশ্বৰ গগৈ আৰু সম্পাদক বিনন্দ চাংমাই।
একেদৰে, ধেমাজি আঞ্চলিকৰ সভাপতি বীৰেন্দ্ৰ নাথ গগৈ, আঞ্চলিকৰ সম্পাদক বিমান বৰা, প্ৰচাৰ সচিব সেৱা বাহিনী শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নিৰঞ্জন ভূঞা, জিলা সমিতিৰ মূলৰ সদস্য ক্ৰমে ৰঞ্জিত গগৈ, হেমচন্দ্ৰ চুতীয়া আৰু মনোজ চুতীয়াৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us