ঢকুৱাখনাৰ বৃহৎ স্বাস্থ্য শিবিৰত ৫০০৮ ৰোগীৰ স্বাস্থ্য পৰীক্ষা

পুৱা ৯ বজাত শুভাৰম্ভ হোৱা স্বাস্থ্য শিবিৰত সমষ্টিটোৰ ৫ হাজাৰ ৮ গৰাকী ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া উন্নত চিকিৎসা সেৱা প্ৰদান  আৰু বিনামূলীয়া দৰব প্ৰদান কৰা হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ  : লখিমপুৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত ঢকুৱাখনা বিধানসভা সমষ্টি ভিত্তিক এক বৃহৎ স্বাস্থ্য শিবিৰ বুধবাৰে ঢকুৱাখনাত অনুষ্ঠিত হয়। ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাঙ্গনত পুৱা ৯ বজাত শুভাৰম্ভ হোৱা স্বাস্থ্য শিবিৰত সমষ্টিটোৰ ৫ হাজাৰ ৮ গৰাকী ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া উন্নত চিকিৎসা সেৱা প্ৰদান  আৰু বিনামূলীয়া দৰব প্ৰদান কৰা হয়।

জিলাখনৰ মুঠ ৩৮ গৰাকী বিভিন্ন বিভাগৰ জ্যেষ্ঠ  বিশেষজ্ঞ চিকিৎসকৰ লগতে স্বাস্থ্য বিষয়াই ৫৯ টা ৰোগৰ নিৰ্ণয় , স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা  সেৱা আগবঢ়োৱা শিবিৰত  ১৫৪ গৰাকী ৰোগীক অধিক উন্নত স্বাস্থ্য পৰীক্ষাৰ বাবে  প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।

লখিমপুৰ জিলাৰ আয়ুক্ত প্ৰণৱজিৎ কাকতি , ঢকুৱাখনা সমজিলাৰ সমজিলা আয়ুক্ত সংস্কৃতি ছুমানি , লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছানিয়া বৰগোঁহাই , লখিমপুৰ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ বিমান শৰ্মা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ লখিমপুৰ জিলা আঁচনি প্ৰবন্ধক দেবাঙ্গ গগৈ , মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ডাঃ মনেশ্বৰ সোণোৱাল, মহকুমা অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া ডাঃ প্ৰদীপ মিলি , খণ্ড আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহু ,সহকাৰী আয়ুক্ত গৌৰাংগ দত্ত, সমজিলা আৰক্ষী অধীক্ষক লিন্টু বৰা ,ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূত আদি বহু সংখ্যক বিশিষ্ট ব্যক্তি আৰু আমোলা বিষয়াৰ উপস্থিতিত শিবিৰৰ শুভ উদ্বোধন কৰে বিধায়ক নৱ দলেয়ে।

 মুঠ ৫০ খন বাছেৰে শিক্ষাৰ্থী সকলক বিনামূলীয়াকৈ অনা নিয়া কৰা এই শিবিৰত প্ৰায় ১২ হাজাৰ ৰাইজৰ উপস্থিতিত মুঠ ১৩৪ গৰাকী বিশেষ ভাবে সক্ষম কিশোৰ কিশোৰীয়ে  স্বাস্থ্য বিভাগৰ বিধিগত প্ৰমাণ পত্ৰৰ বাবে আবেদন কৰে আৰু ৬ গৰাকী এনে ব্যক্তিক এই   প্ৰমাণ পত্ৰ  প্ৰদান কৰা হয় ।

ঢকুৱাখনাত এই বৃহৎ স্বাস্থ্য শিবিৰত সচেতন  ৰাইজ আৰু ৮ বছৰৰ তলৰ শিক্ষাৰ্থী সকলৰ  অভূতপূৰ্ব অংশগ্ৰহণ  আৰু সঁহাৰিৰে সাফল্য মণ্ডিত কৰাৰ বাবে খণ্ড আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহুৱে সকলো পক্ষৰে শলাগ লৈছে ।

ঢকুৱাখনা