/asomiyapratidin/media/media_files/2025/11/05/1-2025-11-05-19-50-13.jpg)
ডিজিটেল সংবাদ,ওদালগুৰিঃ ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে ওদালগুৰিতো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত ভাৰতৰত্ন সুঠাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী পালন কৰা হয়।
জিলা আয়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এই অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ উপমূখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰী। কাৰ্যসূচী অনুসৰি দিনৰ ১১ বজাত সুধাকণ্ঠৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পন কৰাৰ পিছত বিশেষভাৱে প্ৰস্তুত কৰা কোৰাচ পৰিৱেশন কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/05/whatsapp-i-2025-11-05-19-46-34.jpeg)
ইয়াৰ পাছত ১১-২৫ বজাত মূখ্য অতিথিৰ ভাষণত ৰিহন দৈমাৰীয়ে সুধাকণ্ঠৰ অসমৰ প্ৰতি যোগোৱা অৰিহনাৰ কথা উল্লেখ কৰে। দিনৰ ১১-৩০ বজাত সুধাকণ্ঠৰ কালজয়ী অমৰ সৃষ্টি "মানুহে মানুহৰ বাবে" পৰিৱেশন কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/05/whatsapp-imag-2025-11-05-19-46-50.jpeg)
ওদালগুৰিৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়-মহাবিদ্যালয়কে ধৰি অঙ্গনবাড়ী কৰ্মী, সখী কৰ্মী, সাংস্কৃতিক দলৰ পাঁচ সহস্ৰাধিক লোকে একেলগে গীটতো পৰিৱেশন কৰে। আজিৰ অনুষ্ঠানত জিলা আয়ুক্ত পুলক পাটগিৰি, জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা, বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীকে প্ৰমূখ্য কৰি এমচিএলএ তথা বহু বিশিষ্ট লোক উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us