৫০০ শিক্ষাৰ্থীক বিভিন্ন বৃত্তি প্ৰদান ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটীৰ...

উত্তৰ-পূৰ্বাঞ্চলৰ মেধাৱী শিক্ষাৰ্থীক উচ্চ শিক্ষাৰ প্ৰতি উৎসাহিত কৰাৰ লক্ষ্যৰে অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটীয়ে ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ বাবে বিভিন্ন বৃত্তিসমূহ প্ৰদান কৰে।

author-image
Tushar Pratim
New Update
৫০০ শিক্ষাৰ্থীৰ বিভিন্ন বৃত্তি প্ৰদান ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটীৰ...

ডিজিটেল ডেস্কঃ উত্তৰ-পূৰ্বাঞ্চলৰ মেধাৱী শিক্ষাৰ্থীক উচ্চ শিক্ষাৰ প্ৰতি উৎসাহিত কৰাৰ লক্ষ্যৰে অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটীয়ে (আৰ জি ইউ) ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ বাবে বিভিন্ন কাৰ্যসূচীত নৱাগত ৫০০ৰো অধিক ছাত্ৰ-ছাত্ৰীক বৃত্তি প্ৰদানৰ অনুষ্ঠান আজি অনুষ্ঠিত কৰে। ইয়াৰ উপৰি, বিশ্ববিদ্যালয়খনে ২০২৪-২৫ ইভেন ছেমিষ্টাৰ পৰীক্ষাত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ৭২ গৰাকী ছাত্ৰ-ছাত্ৰীক ছেমিষ্টাৰ টপাৰ বৃত্তিও প্ৰদান কৰে। 

Advertisment

আজি বিশ্ববিদ্যালয়খনত অনুষ্ঠিত এক অনুষ্ঠানত বিশ্ববিদ্যালয়খনে মেৰিট বৃত্তি, এণ্ড’মেণ্ট বৃত্তি, বিপিএল শ্ৰেণীৰ বৃত্তি, সম্প্ৰদায়ভিত্তিক বৃত্তি, ক্ৰীড়া বৃত্তি আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সামৰিক, আৰক্ষী আৰু পেৰামিলিটাৰীৰ সন্তানৰ বাবে বৃত্তিৰ শ্ৰেণীত বৃত্তিসমূহ প্ৰদান কৰে। বৃত্তিপ্ৰাপকসকলে তেওঁলোকৰ শৈক্ষিক উৎকৰ্ষ, বিশেষ কৃতিত্ব আৰু সম্প্ৰদায়ৰ অৱদানৰ স্বীকৃতিস্বৰূপে ১০০ শতাংশ, ৫০ শতাংশ আৰু ২৫ শতাংশ মাচুল ৰেহাইৰ সুবিধা লাভ কৰিব। 

ইয়াৰ পূৰ্বে সোমবাৰে আয়োজিত এক অনুষ্ঠানত ৭২ গৰাকী ছাত্ৰ-ছাত্ৰীক ২০২৪-২৫ ইভেন ছেমিষ্টাৰ পৰীক্ষাৰ বাবে ছেমিষ্টাৰ টপাৰ বৃত্তি প্ৰদান কৰা হয়। প্ৰতিজন বৃত্তিপ্ৰাপকক তেওঁলোকৰ উৎকৃষ্ট শৈক্ষিক প্ৰদৰ্শনৰ বাবে মাহিলী ৩,০০০ টকাৰ বৃত্তি প্ৰদান কৰা হয়। 

ইয়াৰ উপৰি, অন্যান্য প্ৰতিষ্ঠিত বৃত্তি লাভ কৰা ১৫ জন ছাত্ৰ-ছাত্ৰীক মেৰিটৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত নয়ডাৰ এমিটি ইউনিভাৰ্চিটীত অনুষ্ঠিত ৩৮ সংখ্যক আন্তঃবিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ ২০২৪-২৫ত পদক লাভ কৰা ১৫ জন ছাত্ৰ-ছাত্ৰীক প্ৰশংসাপত্ৰ প্ৰদান কৰা হয়। এই ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ নীতি অনুসৰি মাচুল ৰেহাইৰ সুবিধা লাভ কৰিব। 

অনুষ্ঠানত আৰ জি ইউৰ চেন্সেলৰ ড° এ কে পানছাৰী, নিপকোৰ পাৰ্চনেল ডাইৰেক্টৰ মেজৰ জেনেৰেল আৰ কে ঝা (অৱসৰপ্ৰাপ্ত), গুৱাহাটীৰ ৫১ ছাব এৰিয়াৰ জেনেৰেল অফিচাৰ কমাণ্ডিং মেজৰ জেনেৰেল এ কে শৰ্মা, ৰেজিষ্ট্ৰাৰ এডমিনিষ্ট্ৰেশ্যন প্ৰফেচাৰ দিগন্ত মুনশী, ৰেজিষ্ট্ৰাৰ একাডেমিকছ প্ৰফেচাৰ ডি এন সিং, বিভিন্ন বিদ্যালয়ৰ ডিন আৰু বিভাগীয় মুৰব্বীসকল উপস্থিত আছিল। 

ছাত্ৰ-ছাত্ৰীৰ এক বৃহৎ সমাৱেশত মেজৰ জেনেৰেল আৰ কে ঝাই কয়, “বিফলতাই মোৰ সফলতাৰ কাৰণ। যি সফল ব্যক্তিয়ে কয় তেওঁ কেতিয়াও বিফল হোৱা নাই, তেওঁ মিছলীয়া।” তেওঁ বুজাবুজিৰ কলা শিকাৰ ওপৰত গুৰুত্ব দি কয় যে বুজাবুজি তিনিধৰণৰ: ব্যক্তিগত বুজাবুজি, সমষ্টিগত বুজাবুজি আৰু দলীয় বুজাবুজি। আপোনালোকে এই তিনিও প্ৰকাৰৰ বুজাবুজি গঢ়ি তুলি এনে এক পৰিৱেশ সৃষ্টি কৰিব লাগিব য’ত আপুনি আনৰ দৃষ্টিভংগী শুনিবলৈ, মানি ল’বলৈ আৰু সাধাৰণ লক্ষ্যৰ বাবে কিছু আপোচ কৰিবলৈ সাজু থাকিব লাগিব। এই বুজাবুজি গঢ়িলে আপুনি সফলতা লাভৰ বাবে নিজৰ শক্তি প্ৰয়োগ কৰিব পাৰিব।” 

ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়