অনুসূচিত জাতিৰ ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি লৈ বিপদত ৫০০ কৰ্মচাৰী...

যিসকলে প্ৰকৃত অনুসূচিত জাতিৰ সকলো অধিকাৰৰ ভোগ কৰি আহিছে ৷ যিসকলে অনুসূচিত জাতিৰ লোক নহয়৷ কিন্তু বক্ৰপথেৰে অনুসূচিত জাতিৰ জাতিগত প্ৰমাণপত্ৰ উলিয়াই সংৰক্ষণ ব্যৱস্থাৰ অধিকাৰ ভোগ কৰি আছে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ   শীঘ্ৰে চাকৰিৰ পৰা খেদা খাব কলেজ প্ৰৱক্তাকে ধৰি আন কেইবাগৰাকী চাকৰিয়াল৷ বক্ৰপথেৰে চাকৰি লোৱা চাকৰিয়ালসকলে শীঘ্ৰে চাকৰিৰ পৰা খেদা খোৱাই নহয় শাস্তিৰ সন্মুখীন হ’ব লাগিব৷ নিশাৰ ভিতৰতে একাংশ লোক অনুসূচিত জাতিৰ লোক হৈ পৰে এইখন অসমত৷

যিসকলে প্ৰকৃত অনুসূচিত জাতিৰ সকলো অধিকাৰৰ ভোগ কৰি আহিছে৷ যিসকলে অনুসূচিত জাতিৰ লোক নহয়৷ কিন্তু বক্ৰপথেৰে অনুসূচিত জাতিৰ জাতিগত প্ৰমাণপত্ৰ উলিয়াই সংৰক্ষণ ব্যৱস্থাৰ অধিকাৰ ভোগ কৰি আছে ৷

ইতিপূৰ্বে অনুসূচিত জাতিৰ অধিকাৰৰ হকে সংগ্ৰাম কৰি অহা অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসমে দিয়া অভিযোগৰ ভিত্তিত হোৱা তদন্তত নিম্ন উল্লেখিত লোকসকল ভুৱা চাকৰিয়াল বুলি প্ৰমাণিত হৈছে ৷ 

ড° বন্দনা দাস
জ্যেষ্ঠ অধ্যাপক, অসমীয়া বিভাগ, নলবাৰী মহাবিদ্যালয়

শ্ৰী লিলা কৈৰি প্ৰসাদ
কৰ্মচাৰী, দক্ষতা, নিয়োগ আৰু উদ্যোগ বিভাগ, অসম চৰকাৰ

শ্ৰীমতী স্মিতা কুমাৰী মাহাতু
কৰ্মচাৰী, অসম চিকিৎসা শিক্ষা পৰিচালকৰ কাৰ্যালয়

শ্ৰীমতী দীপিকা চোৰাহিয়া
কৰ্মচাৰী, জোনাই, ধেমাজি, অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগ

ড° পল্লৱ বৰুৱা
পিতৃ- ড° জিবা কান্ত বৰুৱা
গাঁও– ৰঙদৈ, জিলা- যোৰহাট, অসম

ড° অভিজিত ধৰ
পিতৃ- শ্ৰী অৰুণ কান্তি ধৰ
গাঁও– নামচেশু, ডাকঘৰ– টিয়ক, জিলা- যোৰহাট

শ্ৰীমতী চন্দ্ৰ প্ৰভা দেৱী চাহু
পিতৃ- শ্ৰী চুৰেশ চাহু
গাঁও– নৈকুশ, ডাকঘৰ– মাচখোৱা, থানা– ঢাকুৱাখনা, জিলা- ধেমাজি

শ্ৰী মধু শাস্ত্ৰী
পিতৃ- স্বৰ্গীয় নৱীন কুমাৰ গুপ্তা
ধেমাজি টাউন, ৱাৰ্ড নং–২, জিলা- ধেমাজি 

উল্লেখিত ব্যক্তিসকলে ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰা বুুলি প্ৰমাণিত হৈছে ৷ এইসকলৰ চাকৰিৰ পৰা বৰ্খাস্ত হ’ব লাগিব৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসমে দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গবাইক এইক্ষেত্ৰত স্মাৰক পত্ৰ প্ৰদান কৰিছে৷

অনুসূচিত জাতিৰ ভুৱা প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি সংৰক্ষিত পদত চাকৰি কৰা থকা চাকৰিয়ালক শীঘ্ৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনাইছে৷ লগতে অনুসূচিত জাতিৰ ভুৱা প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি সংৰক্ষিত পদত পঢ়ি থকা ছাত্ৰৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে৷

একেখন স্মাৰক পত্ৰ ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সচিব, অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষক প্ৰদান কৰি যিসকলে ভুৱা প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি চাকৰি কৰি আছে তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰি শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে ৷

অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে বিবৃতিত কয় যে অসমৰ অনুসূচিত জাতিৰ লোকসকলৰ অধিকাৰ বাৰে বাৰে হনন কৰা হৈছে৷ প্ৰকৃত অনুসূচিত জাতিৰ লোকসকলক বঞ্চিত কৰি অনা-অনুসূচিত জাতিৰ লোকে সুবিধা গ্ৰহণ কৰি আহিছে ৷

 আমাৰ সংগঠনে অসম চৰকাৰৰ অধীনৰ বিভিন্ন সংস্থাৰ ওচৰত কমেও ৫০০ লোকৰ বিৰুদ্ধে অনুসূচিত জাতিৰ ভুৱা প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰাৰ অভিযোগ দাখিল কৰিছে ৷ সেই মৰ্মে উচ্চতম ন্যায়ালৰ নিৰ্দেশত গঠিত অসম চৰকাৰৰ ৰাজ্যিক পুনৰীক্ষণ সমিতিয়ে তদন্ত কৰিছে ৷ ৰাজ্যিক পুনৰীক্ষণ সমিতি আৰু অপৰাধ অনুসন্ধান বিভাগৰ তদন্তত ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰাটো প্ৰমাণিত হৈছে ৷

ইতিমধ্যে অসম চৰকাৰক এই সন্দৰ্ভত প্ৰতিবেদন প্ৰদান কৰিছে৷ কিন্তু পৰিতাপৰ বিষয় এয়াই যে ভুৱা চাকৰিয়ালসকলে আজিও চাকৰি কৰি দৰমহা লৈ আছে৷ এইসকল লোকে অনুসূচিত জাতি নোহোৱাৰ পিছতো ভুৱা জাতিগত প্ৰমাণপত্ৰ উলিয়াই চৰকাৰী চাকৰি লোৱা বুলি ইতিমধ্যে প্ৰমাণিত হৈছে ৷

 প্ৰকৃত অনুসূচিত জাতিৰ অধিকাৰ লুণ্ঠন কৰা এইসকল লোকক শীঘ্ৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে উচ্চতম ন্যায়ালয়ৰ কুমাৰী মাধুৰী পাতিল বনাম অতিৰিক্ত আয়ুক্ত (১৯৯৪ ৬ এছচিচি ২৪১) তাৰিখঃ ০২-০৯-১৯৯৪ত প্ৰদান কৰা নিৰ্দেশনা অনুসৰি শাস্তি বিহাৰ দাবীত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে ৷

 ভাৰতীয় সংবিধানে পিছপৰা অনুসূচিত জাতিৰ উন্নয়নৰ বাবে প্ৰদান কৰা সংৰক্ষণ ব্যৱস্থা চুৰি কৰা এইসকল লোকক শীঘ্ৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনাইছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাস আৰু উপদেষ্টা পৱিত্ৰ হাজৰিকাই৷

অনুসূচিত জাতি