/asomiyapratidin/media/media_files/2025/09/09/gfgfasahsaas-2025-09-09-10-37-34.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ অন্যতম সামাজিক আৰু শৈক্ষিক সংগঠন অফ কেম্পাছ এডুকেচনে সংগঠনটোৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে সোমবাৰে ১ নং ৱাৰ্ড স্থিত সৎসংগ কেন্দ্ৰত বিনামূলীয়া শিক্ষা কেন্দ্ৰ এটিৰ মুকলি কৰে। সংগঠনটোৱে ধুবুৰী জিলাত ৩ টা আৰু গোৱালপাৰা জিলাত এটা শিক্ষা কেন্দ্ৰকে ধৰি মুঠ চাৰিটা শিক্ষা কেন্দ্ৰ বিনামূলীয়াকৈ চলাই আহিছে।
অফ কেম্পাছ এডুকেচন নামৰ সংগঠন টোৰ প্ৰতিষ্ঠাপক মূৰব্বী পৰমজিৎ ৰয়ে জনোৱা মতে, সংগঠনটোত বৰ্তমানে ৫০ জনৰো অধিক সক্ৰিয় শিক্ষক আছে আৰু দুশৰো অধিক ছাত্ৰ-ছাত্ৰীক অফ কেম্পাছ এডুকেচনৰ শিক্ষক তথা কৰ্ম-কৰ্তা সকলে বিনামূলীয়া কৈ ছাত্ৰ-ছাত্ৰী সকলক পাঠ্যপুথিৰ যোগান ধৰাৰ লগতে নাৰ্চাৰীৰ পৰা দশম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষাদান কৰি আছে। মূলত সমাজত নিৰক্ষৰতা দূৰীকৰণ কৰা আৰু শিক্ষাৰ পোহৰ সম্প্ৰসাৰণ কৰাৰ লক্ষ্যৰে অফ কেম্পাছ এডুকেচন নামৰ সংগঠনটোৱে এই ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে।
সংগঠনটোৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে ধুবুৰীৰ ১ নং ৱাৰ্ডত এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হয়। উক্ত সভাত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° ধ্ৰুৱ চক্ৰৱৰ্তী, বিশিষ্ট সমাজসেৱী সন্জীৱ কুণ্ডু, ধুবুৰীৰ আগমনি প্ৰগতি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° বনশ্ৰী বেনাৰ্জী, অৱসৰ প্ৰাপ্ত শিক্ষক ড° প্ৰতুল চক্ৰৱৰ্তী, ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড° ব্ৰজেন্দ্ৰ কান্ত শৰ্মাকে ধৰি অঞ্চলটোৰ বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
আনহাতে, সোমবাৰে নতুনকৈ সৎসংগ কেন্দ্ৰত শুভাৰম্ভ কৰা শিক্ষা কেন্দ্ৰটোৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অফ কেম্পাছ এডুকেচনৰ ফালৰ পৰা পাঠ্যপুথিও বিতৰণ কৰা হয়। সমাজৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী, স্কুললৈ নোযোৱা ছাত্ৰ-ছাত্ৰী সকলক চিনাক্ত কৰি এই শিক্ষা কেন্দ্ৰৰ জৰিয়তে শিক্ষা দান কৰিবলৈ লোৱা অফ কেম্পাছ এডুকেচনৰ এই মহৎ প্ৰচেষ্টাক সভাই ভূয়সী প্ৰশংসা কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us