উৰিয়াগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান : ৫০ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

নগাঁও জিলাৰ উৰিয়াগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বঢ়মপুৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত শনিবাৰে বঢ়মপুৰস্থিত শ্ৰীমন্ত শংকৰ মিছন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
54

ডিজিটেল সংবাদ,উৰিয়াগাঁও : নগাঁও জিলাৰ উৰিয়াগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বঢ়মপুৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত শনিবাৰে বঢ়মপুৰস্থিত শ্ৰীমন্ত শংকৰ মিছন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ মেধাৱী শিক্ষাৰ্থীসকলক উৎসাহ যোগোৱাৰ উদ্দেশৰে আয়োজন কৰা অনুষ্ঠানটোৰ সভাত সভাপতিত্ব কৰে নগাঁও জিলাৰ ছাত্র সন্থাৰ উপদেষ্টা নিতুল বনিয়াই।

নগাঁও মহকুমা ছাত্র সন্থাৰ উপ সভাপতি বেদান্ত ৰক্তিম বৰাই আঁত ধৰা সভাখন উদ্বোধন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মৃগাংক শেখৰ ভৰালী হাজৰিকাই ভাষণত কয়- ছাত্ৰ সন্থাই অভিনন্দন জনোৱা এই মেধাবী ছাত্ৰ-ছাত্ৰী সকলে অশেষ কষ্ট,শ্ৰম আৰু একাগ্ৰতাৰ যোগেদি সফলতা লাভ কৰিছে। ভৱিষ্যতেও শিক্ষাৰ্থীসকলে দুগুণ উৎসাহেৰে শৈক্ষিক দিশত মনোনিবেশ কৰি সফলতাৰ ধাৰাবাহিকতা আজুৰি আনিব লাগিব।

WhatsApp Image 2025-08-09 at 7.59.37 PM (1)

তেওঁ লগতে  ছাত্ৰ-ছাত্ৰী সকলে নিজৰ  বিদ্যায়তনিক দিশত আগুৱাই যোৱাৰ সমান্তৰালকৈ নিজৰ মাতৃভাষাৰ লগতে জাতিটোৰ  সুৰক্ষাৰ স্বাৰ্থত নিজকে সমৰ্পিত কৰি সমাজখনক উন্নতিৰ  জখলাত আগবঢ়াই নিব লাগিব বুলি ভাষণত উল্লেখ কৰে। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক ত্ৰিদিৱ ভাগৱতীয়ে কয়- আছুৱে দীৰ্ঘদিন সময় ধৰি মেধাবী শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যৰে অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰি এক নীৰৱ তথা ইতিবাচক আন্দোলন গঢ়ি তুলিছে।

WhatsApp Image 2025-08-09 at 7.59.34 PM

মেধাবী ছাত্ৰ ছাত্ৰী সকলক ছাত্ৰ সন্থাই বিশেষ অভিনন্দন অনুষ্ঠানত প্ৰদান অভিনন্দন পত্ৰখন এক সামাজিক স্বীকৃতি।বঢ়মপুৰ শাখা সন্থাৰ সাধাৰণ সম্পাদক ধীৰাজ বৰাই উদ্দেশ্যে বাখ্যা কৰা সভাখনত ভাষণত নিৰ্দিষ্ট বক্তা ভাগৱতীয়ে আৰু কয়- বৰ্তমান সময়ত অসমীয়া ভাষাত কথা কোৱা আৰু কিতাপ পঢ়া মানুহৰ সংখ্যা দিনক দিনে কমি আহিছে।অসমীয়া ভাষাত কথা কোৱা মানুহৰ সংখ্যা ৪৮.৩৮ শতাংশ। ই আমাৰ জাতিটোৰ বাবে উদ্বেগজনক কথা।গতিকে ছাত্ৰ- ছাত্ৰী সকলে নিজৰ জাতিটোক আগুৱাই নিয়াৰ স্বাৰ্থত সমাজখনৰ প্ৰতি দায়বদ্ধ হৈ ইতিবাচক মনোভাৱেৰে কাম কৰি যাব লাগিব বুলি ভাষণত ভাগৱতীয়ে মন্তব্য কৰে।

সভাত শ্ৰীমন্ত শংকৰ মিছন অন্ধ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী গুণ বৰাই ভাষণত ছাত্ৰ সন্থাই কৃতী ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ এনে পদক্ষেপক শলাগ লোৱাৰ উপৰিও ভৱিষ্যতে ছাত্ৰ-ছাত্ৰী সকলক সমাজৰ কামত নিজকে আত্মনিয়োগ কৰি সামাজিক দায়বদ্ধতাৰ পৰিচয় দিবৰ বাবে আহ্বান জনায়। অনুষ্ঠানত ৫০ গৰাকী মেধাৱী শিক্ষাৰ্থীক গামোছা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

WhatsApp Image 2025-08-09 at 7.59.37 PM

সভাত নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত বৰা,সাধাৰণ সম্পাদক কংকন জ্যোতি বৰুৱা,সহ: সম্পাদক বিক্ৰম হাজৰিকা,সাংগঠনিক সম্পাদক সীমান্ত বৰা,নগাঁও মহকুমাৰ সাধাৰণ সম্পাদক জ্যোতিষ্মান বৰুৱা,সাংবাদিক নিপুল বৰা,নগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়া জনাৰ্দন গোস্বামী,উৰিয়া গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা শৰৎ গগৈকে ধৰি বহু লোক উপস্থিত থাকে। সভাত শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৬ গৰাকী কৃতী শিক্ষাৰ্থীক স্কুল কৰ্তৃপক্ষৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

উৰিয়াগাঁও