/asomiyapratidin/media/media_files/2025/08/08/37-2025-08-08-16-45-12.jpg)
ডিজিটেল সংবাদ, শিলচৰ : নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। এখন বাহনত তালাচী চলাই কাছাৰ আৰক্ষীয়ে বুজণ পৰিমাণৰ গাঞ্জা জব্দ কৰিছে।
ধলাই আৰক্ষীয়ে নাকা চেকিঙৰ সময়ত জব্দ কৰে গাঞ্জাখিনি। মিজোৰামৰ পৰা শিলচৰ অভিমুখী এখন চাৰিচকীয়া বাহনত তালাচী চলাই আৰক্ষীয়ে ৫০ পেকেট গাঞ্জা জব্দ কৰে।
জব্দ কৰা গাঞ্জাখিনিৰ ওজন প্ৰায় ৫০ কিলোগ্ৰাম। গাঞ্জা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজন মিজো লোকক আটক কৰিছে। দুয়োজনৰ ঘৰ মিজোৰামত।
গাঞ্জা সৰবৰাহ কৰা বাহনখনো জব্দ কৰে আৰক্ষীয়ে। ইফালে, এই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা ফটো সামাজিক মাধ্যমত আপলোড কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক ধন্যবাদ জনাইছে ।