/asomiyapratidin/media/media_files/2025/08/15/cxc-2025-08-15-23-07-45.jpg)
ডিজিটেল সংবাদ বেকাজান: স্বাধীনতা দিৱস উদযাপনৰ মাজতে শুকুৰবাৰে দুপৰীয়া তিতাবৰত পাঁচটা ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে গোলাঘাটৰ আঠখেলীয়াৰ পৰা হেৰ'ইন ক্ৰয় কৰি জন্মদিন পালন কৰিবলৈ আহি থাকোতেই তিতাবৰ আৰক্ষীৰ গোপন সূত্ৰৰ খবৰ লাভ কৰে আৰু আৰক্ষীয়ে খেদি খেদি তিতাবৰ বৰ এৰা অঞ্চলৰ এখন পথাৰৰ মাজত ধৰিবলৈ সক্ষম হয় এই দুৰ্ধষ পাঁচটা ড্ৰাগছ সৰবৰাহকাৰী যুৱকক।
গ্ৰেপ্তাৰ কৰা যুৱক কেইজন ক্ৰমে পাপ্লু বৰা, বিপুল বৰা, উত্তম বৰা, স্বাধীন বৰা আৰু দিপন কছাৰী। আটাইকেইগৰাকীৰ যুৱকৰ ঘৰ যোৰহাটৰ চিনামৰত বুলি জানিব পৰা গৈছে। যোৰহাটৰ চিনামৰাৰ পৰা এখন বাহনেৰে বন্ধুৰ জন্মদিন পালন কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল যুৱককেইজন। আৰক্ষীয়ে যুৱক কেইজনৰ পৰা কেইবাটাও কণ্টেনাৰত বৃহৎ পৰিমাণৰ হে'ৰইন উদ্ধাৰ কৰে। যুৱক কেইজনে চিনামৰা অঞ্চলত দীৰ্ঘদিনীয়া পৰাই ড্ৰাগছ বেপাৰ চলাই আহিছিল বুলি অভিযোগ উত্থাপন হৈছে।