উইজডেনৰ  বিশ্বৰ শীৰ্ষ ৪০ গৰাকী যুৱক ক্ৰিকেটাৰৰ তালিকাত ৰাজস্থান ৰয়েলছৰ পাঁচগৰাকী খেলুৱৈ

চলিত মাহত উইজডেনে ঘোষণা কৰা বিশ্বৰ ৪০ গৰাকী শ্ৰেষ্ঠ যুৱ ক্ৰিকেটাৰৰ তালিকাত আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন দল ৰাজস্থান ৰয়েলছৰ পাঁচগৰাকী সদস্যই স্থান লাভ কৰিছে৷

author-image
Asomiya Pratidin
New Update
উইজডেনৰ  বিশ্বৰ শীৰ্ষ ৪০ গৰাকী যুৱক ক্ৰিকেটাৰৰ তালিকাত ৰাজস্থান ৰয়েলছৰ পাঁচগৰাকী খেলুৱৈ

ডিজিটেল ডেস্কঃ চলিত মাহত উইজডেনে ঘোষণা কৰা বিশ্বৰ ৪০ গৰাকী শ্ৰেষ্ঠ যুৱ ক্ৰিকেটাৰৰ তালিকাত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন দল ৰাজস্থান ৰয়েলছৰ পাঁচগৰাকী সদস্যই স্থান লাভ কৰিছে৷ গৌৰৱৰ বিষয় যে উইজডেনৰ এই সন্মানীয় তালিকাত আই পি এলৰ একমাত্ৰ ৰাজস্থান ৰয়েলছৰেই সৰ্বাধিক পাঁচজন ক্ৰিকেটাৰে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

Advertisment

উল্লেখ্য যে টীম ইণ্ডিয়াৰ সদস্য তথা ৰাজস্থান ৰয়েলছৰ অপেনাৰ যশস্বী জয়ছৱাল এই তালিকাৰ শীৰ্ষস্থানত আছে৷ আন্তঃৰাষ্ট্ৰীয় মঞ্চত দ্ৰুত উত্থানে প্ৰতিভাবান ক্ৰিকেটাৰগৰাকীক উত্তৰণত অনুপ্ৰেৰণা যোগাইছে৷ 

তেওঁৰ লগতে তালিকাত আছে টীম ইণ্ডিয়াৰ আন এগৰাকী সদস্য তথা বিগত আই পি এলত চঞ্জু চেমছনৰ অনুপস্থিতিত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিয়া যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ৷ ঘোষিত তালিকাত অসম সন্তানগৰাকীৰ স্থান হৈছে ২৭৷

ইফালে, ভাৰতীয় ক্ৰিকেটৰ নৱতম চাঞ্চল্য, ৰাজস্থান ৰয়েলছৰ নতুন আবিস্কাৰ বৈভৱ সূৰ্যবংশী আছে এই তালিকাৰ ১৬ নম্বৰ স্থানত। একেদৰে ৰাজস্থান ৰয়েলছৰে সদস্য দক্ষিণ আফ্ৰিকাৰ দুই তাৰকা লুয়ান-ড্ৰে প্ৰিট’ৰিয়াছ তালিকাৰ পাঁচ নম্বৰ স্থানত আৰু কৱেনা মাফাকা অষ্টম স্থানত আছে৷ 

উল্লেখ্য যে ভাৰতৰ লগতে বিশ্বৰ নৱাগত প্ৰতিভাবান ক্ৰিকেটাৰক বিচাৰি বৃহৎ মঞ্চত সুযোগ দিয়াটোৱেই ৰাজস্থান ৰয়েলছৰ মূল দৰ্শন৷ এই সম্পৰ্কত ৰয়েলছৰ ক্ৰিকেটৰ সঞ্চালক কুমাৰ ছাংগাকাৰাই কয় ‘আমাৰ দলটোৰ পাঁচগৰাকী ক্ৰিকেটাৰৰ নাম উইজডেনে স্বীকৃতি দিয়াটো এটা গৌৰৱৰ মুহূৰ্ত৷ এয়াই বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ যুৱ প্ৰতিভাক স্কাউটিং, লালন-পালন আৰু উন্নীত কৰাৰ প্ৰতি আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে৷ আমি তেওঁলোকৰ প্ৰত্যেকৰে বাবে ৰোমাঞ্চিত আৰু অনুপ্ৰাণিত কৰাৰ চেষ্টাত ব্ৰতী৷’

ক্ৰিকেট ৰিয়ান পৰাগ যশস্বী জয়ছোৱাল ৰাজস্থান ৰয়েলছ