ৰ’দ ল’ব নালাগে, খাওঁক এই ৫ বিধ খাদ্য

ৰ’দ ল’ব নালাগে, খাওঁক এই ৫ বিধ খাদ্য

ডি়জিটেল ডেস্ক: ভিটামিন ডি হৈছে মূলতঃ এক পুষ্টি। ই এক চৰ্বি দ্ৰৱণীয় ভিটামিন, যি কেলচিয়াম আৰু ফছফৰাছৰ দৰে খনিজ পদাৰ্থৰ উন্নত শোষণত সহায় কৰে। ভিটামিন ডিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাৰ লগতে হাড়ৰ স্বাস্থ্য শক্তিশালী আৰু মস্তিষ্কৰ স্বাস্থ্য উন্নত কৰে।আমাৰ শৰীৰে ৰ’দৰ পৰা পৰ্যাপ্ত ভিটামিন ডি আহৰণ কৰে। কিন্তু দৈনন্দিন ব্যস্ত সময়সূচীত সদায়ে ৰ’দ লোৱাটো জানো সম্ভৱ ? ফলত এইবিধ ভিটামিনৰ অভাৱত শৰীৰটো গম নোপোৱাকৈয়ে ভিতৰি ভিতৰি ঘূণীয়া হৈ পৰে।কিন্তু ৰ’দ লোৱাৰ বিকল্প হিচাপে আপুনি খাদ্যৰ তালিকাখনত কিছু সাল-সলনি কৰিলে ভিটামিন ডিৰ অভাৱৰ পৰা শৰীৰটোক মুক্ত কৰিব পাৰে।

তলত এনে কেতবোৰ খাদ্যৰ বিষয়ে উল্লেখ কৰা হৈছে, যিয়ে শৰীৰৰ পুষ্টি উন্নত কৰা আৰু প্ৰাকৃতিকভাৱে ভিটামিন ডিৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰে।

গৰুৰ গাখীৰ

গৰুৰ গাখীৰৰ স্বাস্থ্যৰ উপকাৰিতাৰ বিষয়ে হয়তো পুনৰাই কোৱাৰ প্ৰয়োজন নাই।গৰুৰ গাখীৰে আমাৰ শৰীৰক কেলচিয়াম, ফছফৰাছ আৰু ৰাইবোফ্লেভিনৰ দৰে পুষ্টি যোগান ধৰে,যিয়ে হাড়ৰ স্বাস্থ্য বৃদ্ধি কৰাত সহায় কৰে। গৰুৰ গাখীৰ ভিটামিন-ডিৰো এক ভাল উৎস।

কণী

কণী হৈছে ভিটামিন ডি, এমিনো এচিড আৰু পুষ্টিৰ এক স্বাস্থ্যকৰ আৰু সুলভ উৎস।ই কোষ আৰু কোষকলাৰ বিকাশ উন্নত কৰাত সহায় কৰে।কণীয়ে হাড়ৰ স্বাস্থ্য বৃদ্ধি কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰে। অৱশ্যে, বজাৰত উপলব্ধ আন কণীৰ তুলনাত কুকুৰাৰ কণীত ভিটামিন ডি কিছু কম পৰিমানে থাকে। 

ৰ’দ ল’ব নালাগে, খাওঁক এই ৫ বিধ খাদ্য
বছৰৰ শেষত ভ্ৰমণ কৰক ভাৰতৰ ‘অন্তিম স্থান’

কাঠফুলা

অধিকাংশ লোকৰে প্ৰিয় খাদ্যৰ তালিকাত স্থান লাভ কৰা কাঠফুলা ভিটামিন ডিৰ এক উৎকৃষ্ট উৎস।কাঠফুলাই সূৰ্যৰ পোহৰ পালে প্ৰাকৃতিকভাৱে ভিটামিন ডি২ সংশ্লেষণ কৰিব পাৰে। অৱশ্যে, বনৰীয়া কাঠফুলাৰ তুলনাত বাণিজ্যিকভাৱে সৃষ্টি কৰা কাঠফুলাত ভিটামিন ডি কিছু কম পৰিমাণে থাকে।

ছেলমন

ছেলমনৰ দৰে চৰ্বিযুক্ত মাছবোৰত ভিটামিন ডি যথেষ্ট পৰিমানে থাকে।১০০ গ্ৰাম ছেলমন খালে ভিটামিন ডিৰ দৈনিক প্ৰয়োজনীয়তাৰ প্ৰায় ৯০ শতাংশ পূৰণ কৰিব পৰা যায়।

কড লিভাৰ

ৰ’দ ল’ব নালাগে, খাওঁক এই ৫ বিধ খাদ্য
গাহৰি মাংস খাই স্বাস্থৱান হওঁক

চৰ্বিযুক্ত মাছৰ পৰা আহৰণ কৰা কড লিভাৰে হাড়ৰ স্বাস্থ্য আৰু ভিটামিন ডিৰ স্তৰ প্ৰাকৃতিকভাৱে উন্নত কৰাত সহায় কৰিব পাৰে। তদুপৰি, কড লিভাৰ অইল বা মাছৰ তেল গ্ৰহণ কৰিলে হাড়ৰ সমস্যা, ৰিকেটচ, চ'ৰিয়েচিছ, যক্ষ্মা আৰু ভিটামিন ডি-ৰ অভাৱৰ চিকিৎসাত সহায় কৰিব পাৰে। প্ৰায় ৪.৯ মি.লি. কড লিভাৰ অইলে দৈনিক ভিটামিন ডি প্ৰয়োজনীয়তাৰ ৫৬শতাংশলৈকে বৃদ্ধি কৰিব পাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in