/asomiyapratidin/media/media_files/2026/01/25/temple-2026-01-25-13-57-47.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈত ১৬টাকৈ মন্দিৰ ভাঙি লণ্ড-ভণ্ড কৰা ৫ অপৰাধী অৱশেষত আৰক্ষীৰ জালত। মঙলদৈ আৰক্ষীয়ে শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰা অপৰাধী কেইটা মঙলদৈ ধৰীয়াখাইতিৰ মহীৰ আলী, চামচুল আলী, মকচেদ আলী, জাহিনুৰ আলী, নুৰজামাল আলী।
মঙলদৈৰ দাঁতিকাষৰীয়া মোৱামাৰী, গেৰিমাৰীৰ বিভিন্ন অঞ্চলৰ ১৬টা কৈ কালি মন্দিৰত বুধবাৰে নিশা কোনো দুষ্কৃতিকাৰীয়ে প্ৰৱেশ কৰি মন্দিৰত থকা মূৰ্তিসমূহ ভাঙি পেলাইছিল।
গেৰিমাৰী ওখভেটি মালৌ চুবা শিৱ মন্দিৰ,বিহিৰী বস্তি কালী মন্দিৰ, দক্ষিণ বিহাৰী বস্তি কালী মন্দিৰ,ন-নদী মনসা মন্দিৰ,২৩৫ নং এল পি স্কুল কালী মন্দিৰ, ন-নদী পশ্চিম কালি মন্দিৰ, মোৱামাৰী ওখভেটি শিৱ মন্দিৰ, মোৱামাৰী শিৱ মন্দিৰ, গেৰিমাৰী ভূতনাথ কালী মন্দিৰ, চেৰেং ৰাজহুৱা কালী মন্দিৰত দুষ্কৃতিকাৰী সোমাই মূৰ্তিসমূহ ভাঙিছিল। বিশেষকৈ কালি মন্দিৰত সংঘটিত হয় উক্ত ঘটনা। প্ৰায় প্ৰতিটো মন্দিৰতে একে নিশাই কালি মাৰ মূৰ্তিসমূহৰ মুণ্ড ছিঙি পেলাইছিল এই দুষ্কৃতিকাৰীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us