/asomiyapratidin/media/media_files/2025/09/04/north-east-india-festival-2025-09-04-20-09-49.jpeg)
ডিজিটেল সংবাদ ছেপ্তেম্বৰঃ অসম তথা উত্তৰ-পূবৰ বাণিজ্য, পৰ্যটন, সংস্কৃতিৰ সমন্বয়েৰে ছিংগাপুৰত অনুষ্ঠিত হ’বলৈ আগবাঢ়িছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ চতুৰ্থ সংস্কৰণ। ইতিমধ্যে এই অনুষ্ঠানৰ বাবে বৃহৎ আয়োজন চলিছে। আজি এই সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত আৰু তেওঁৰ সতীৰ্থই।
এই সংবাদ মেলৰ পিছতেই প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত কয় যে, বিগত কিছু বছৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ এক্ট ইষ্ট পলিচীৰ আদৰ্শৰে উত্তৰ-পূবৰ সৈতে দক্ষিণ-পূব এছিয়াৰ সম্পৰ্কক যথেষ্ঠ অগ্ৰাধিকাৰ দিয়া হৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ সেই আদৰ্শক আগবঢ়াই নিছে শ্যামকানু মহন্তৰ নেতৃত্বত নৰ্থ-ইষ্ট ইণ্ডিয়া ফেষ্টিভেলে।
২০১৯ আৰু ২০২২ চনত বেংককত, ২০২৩ চনত ভিয়েটনামত আৰু এইবাৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ চতুৰ্থ সংস্কৰণ অনুষ্ঠিত হ'ব ছিংগাপুৰৰ চানটেক কনভেনছন এণ্ড এক্সিবিছন চেণ্টাৰত, অহা ১৯, ২০ আৰু ২১ ছেপ্তেম্বৰত। স্মৰ্তব্য যে, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই বেংককৰ টাউন হলত দিয়া ভাষণত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলক ভাৰতক দক্ষিণ-পূব এছিয়াৰ সৈতে সংলগ্ন কৰাৰ এক প্ৰয়াস বুলি উল্লেখ কৰি প্ৰশংসা কৰিছিল।
লক্ষণীয় ভাৱে উক্ত বছৰটো ভাৰত-ছিংগাপুৰ কূটনৈতিক সম্পৰ্কৰ ৬০ বছৰীয়া জয়ন্তী আৰু কাকতালীয়ভাৱে ভাৰত-এছিয়া পৰ্যটন বৰ্ষ। ট্ৰেণ্ড এম এম এছে আয়োজন কৰা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ তিনিদিনীয়া কাৰ্যসূচীত ভাৰতীয় দূতাবাস ছিংগাপুৰে আগভাগ লোৱাৰ লগতে অসম এছ'ছিয়েছন ছিংগাপুৰ ইয়াত জড়িত হৈছে।
অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ লগতে ত্ৰিপুৰা, মিজোৰাম, চিকিমৰ লগতে অসম চৰকাৰৰ বহুকেইজন মন্ত্ৰী তথা বিষয়াৰ এক বৃহৎ দল ছিংগাপুৰলৈ যোৱাৰ সম্ভাৱনা আছে। অনুষ্ঠান সামৰণি কাৰ্যসূচিত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিত থাকিব বুলি আশা কৰা হৈছে।
অনুষ্ঠানৰ প্ৰতিদিনৰ কাৰ্যসূচীত ছিংগাপুৰ চৰকাৰৰ বিভিন্ন বিভাগীয় মন্ত্ৰীসকল উপস্থিত থাকিব। উল্লেখ্য যে বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণৰ বাবে উত্তৰ-পূবৰ পৰা প্ৰায় চাৰিশতকৈও অধিক লোক ছিংগাপুৰলৈ যাব।
২০ আৰু ২১ ছেপ্তেম্বৰত আয়োজন কৰা বৃহৎ প্ৰদৰ্শনীত উত্তৰ-পূবৰ প্ৰায় ৬০খন বিপনীয়ে অংশ ল'ব। জি-আই টেগযুক্ত চাহ, কফি আৰু বিভিন্ন মছলা, ছিকিমৰ জৈৱিক সামগ্ৰী, নাগালেণ্ড-অৰুণাচলৰ হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰীৰ লগতে অন্যান্য সামগ্ৰী, অসমৰ উপমন্যু বৰকটকীৰ ষ্টাৰ্ট আপ বিশ্বৰ প্ৰথম বেগলেছ টী উলাহ চাহ, যুগ প্ৰভাৰ মিজিকাভিক ষ্টেভিআ টীয়ে পৰ্যটকক আকৰ্ষণ কৰিব বুলি ভবা হৈছে।
লগতে থাকিব উত্তৰ-পূবৰ বিভিন্ন খাদ্যৰ আয়োজন। অসম তথা উত্তৰ-পূবৰ পৰ্যটন, অপ্ৰচলিত গন্তব্য স্থান পৰ্যটন, নাগালেণ্ডৰ চেৰি ব্লছম ফেষ্টিভেল, হৰ্নবিল ফেষ্টিভেল, অসমৰ ৰঙালী ইত্যাদিৰ বৃহৎ প্ৰদৰ্শন হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত।
নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ সাংস্কৃতিক কাৰ্যসূচীত অৰুণাচলৰ প্ৰায় ১৫০ গৰাকী শিল্পীয়ে প্ৰদৰ্শন কৰিব স্ন লায়ন ডান্স বা ছিংঘী চাম। ভায়'লীনা বৰদলৈৰ নেতৃত্বত অসমৰ সত্ৰীয়া দলৰ লগতে থাকিব বিহু, তিৱা, কাৰ্বি ইত্যাদি নৃত্য, মণিপুৰী নৃত্য, ত্ৰিপুৰাৰ হোজাগিৰি নৃত্য আৰু নাগালেণ্ডৰ ৱাৰিয়ৰ ডান্স আৰু বহুতো।
কাৰ্বি আংলঙৰ প্ৰতিভাৱান ডিজাইনাৰ ছেৰলিন ইংতিপিৰ ফেশ্বন শ্ব'ৰ লগতে উত্তৰ-পূবৰ বহুকেইজন প্ৰতিভাৱান ডিজাইনাৰে অনন্য হস্তশিল্পৰ প্ৰদৰ্শন কৰিব। উত্তৰ-পূবৰ নয়নৰ মণি বলিউডৰ গায়ক জুবিন গাৰ্গৰ সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানৰ উপৰিও থাকিব নাগালেণ্ড, মণিপুৰৰ শ্ৰেষ্ঠ বেণ্ডসমূহ।
ত্ৰিপুৰাৰ ৰেপাৰ বৰকুং হ্ৰাংখলৰ লগতে থাকিব ছিংগাপুৰৰ জনপ্ৰিয় ৰেপাৰ য়ুং ৰাজা আৰু বহুতো। ইয়াৰ লগতে ছিংগাপুৰৰ কেইবাটাও বেণ্ডে প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে এই বেণ্ডত অসমীয়া ল'ৰা-ছোৱালীও জড়িত হৈ আছে। দ্বিপক্ষীয় ব্যৱসায় আৰু পৰ্যটনৰ প্ৰসাৰৰ বাবে বহুকেইখন বি টু বি বৈঠকৰ আয়োজন কৰা হৈছে। অসমৰ ষ্টাৰ্ট আপৰ বৃহৎ প্ৰদৰ্শন হ'ব।
মুখ্য আয়োজক শ্যামকানু মহন্তই জনাই যে, এয়া ভাৰতৰে এক সৰ্ববৃহৎ অনুষ্ঠান। ছিংগাপুৰে আমাক সাংস্কৃতিক বিনিময়, বাণিজ্যৰ উন্নয়ন আৰু নৱ্য ধাৰণা সৃষ্টিৰ বাবে মঞ্চ প্ৰদান কৰিছে। নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ জৰিয়তে আমি আমাৰ উদ্যোগ, শিল্প, পৰ্যটনক প্ৰত্যক্ষভাৱে বিশ্ব দৰ্শকৰ সৈতে পৰিচয় কৰাব বিচাৰো।
বিনিয়োগ আৰু সহযোগী পথৰ সন্ধান কৰোতে পৰ্যটকসকলে আমাৰ পৰম্পৰা আৰু সৃষ্টিশীলতাৰ অভিজ্ঞতা লাভ কৰিব। আমি বিচাৰো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ পৰা সৃষ্টি হোৱা বাৰ্তাই উত্তৰ-পূব আৰু এছিয়ান দেশসমূহৰ মাজৰ সম্পৰ্ক দীৰ্ঘস্থায়ী আৰু সুদৃঢ় কৰক।