ডিজিটেল ডেস্কঃ অসম তথা উত্তৰ পূৰ্বৰ উচ্চ শিক্ষাৰ অন্যতম এখন শিক্ষানুষ্ঠান অসম ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ চতুৰ্থ সমাৱৰ্তনখনি সফলতাৰে সম্পন্ন হৈ যায়। গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত পীযুষ গোৱালে উত্তৰ-পূবৰ শৈক্ষিক পৰিৱেশক ৰূপান্তৰিত কৰাৰ বাবে ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ উচ্চ প্ৰশংসা কৰে।
এই অনুষ্ঠানতে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা সাংসদ ৰঞ্জন গগৈ লগতে আন তিনিগৰাকী বিশিষ্ট ব্যক্তিক সন্মানীয় ডিগ্ৰী প্ৰদান কৰা হয়। আজিৰ অনুষ্ঠানটোত বিশ্ববিদ্যালয়খনৰ ১৫০২গৰাকী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হয়।
আজিৰ অনুষ্ঠানটোত ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য, কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰীযুত পীয়ুষ গোৱেলৰ লগতে অসমৰ শিক্ষামন্ত্ৰী ডা ৰণোজ পেগু, মন্ত্ৰী বিমল বৰাৰ লগতে গণ্যমান্য ব্যক্তি, অভিভাৱক, অধ্যাপকসকল উপস্থিত থাকে।
এই অনুষ্ঠানত শৈক্ষিক আৰু সমাজৰ উৎকৃষ্টতাৰ এক উল্লেখযোগ্য দিশ আছিল, বিশ্ববিদ্যালয়খনে নিজ নিজ ক্ষেত্ৰত স্থায়ী প্ৰভাৱ পেলোৱা চাৰিজন বিশিষ্ট ব্যক্তিক অন’ৰিছ ক’ছা ডিগ্ৰী প্ৰদান কৰে। সন্মানীয় সকলৰ ভিতৰত ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ শ্ৰীযুত ন্যায়াধীশ ৰঞ্জন গগৈ, পদ্ম বিভূষণ বঁটা বিজয়ী তথা চি এছ আই আৰৰ প্ৰাক্তন সঞ্চালক প্ৰধান ড° ৰঘুনাথ এ মাশ্বেলকাৰ, পদ্ম বিভূষণ বঁটা বিজয়ী তথা ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ড০ কৃষ্ণস্বামী কস্তুৰীৰংগন আৰু পদ্মশ্ৰী বঁটা বিজয়ী তথা অম্বুজা নেওতিয়া গোটৰ অধ্যক্ষ শ্ৰী হৰ্ষবৰ্ধন নেওতিয়া।
অনুষ্ঠানৰ আৰম্ভণিতে আৰ জি ইউৰ উপাধ্যক্ষ ড° এ.কে. পানছাৰীয়ে সকলোকে উদ্দেশ্যি আদৰণি ভাষণ আগবঢ়ায়। সমাৱৰ্তন অনুষ্ঠানৰ সভাপতিত্ব কৰে বিশ্ববিদ্যালয়ৰ দৰ্শনাৰ্থী অসমৰ মাননীয় ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য ই। শিক্ষাৰ ব্যৱধান দূৰ কৰা, উদ্ভাৱনক লালন-পালন কৰা, আৰু জাতিলৈ অৰ্থপূৰ্ণ অৱদানৰ বাবে ছাত্ৰ-ছাত্ৰীক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়খনৰ প্ৰচেষ্টাক তেওঁ প্ৰশংসা কৰে ৰাজ্যপালগৰাকীয়ে।
মন্ত্ৰী শ্ৰীযুত পীযুষ গোৱেলে উত্তৰ-পূৰ্বাঞ্চলৰ ভৱিষ্যত গঢ় দিয়াত আৰ জি ইউৰ গুৰুত্বপূৰ্ণ ভূমিকাক আলোকপাত কৰি প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰে। তেওঁ কয়- ‘আৰজিইউ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে আশাৰ ৰেঙণি হৈ পৰিছে। ই কেৱল বিশ্ববিদ্যালয় নহয়; ই ছাত্ৰ-ছাত্ৰীসকলক ডাঙৰ সপোন দেখিবলৈ আৰু মহানতা লাভ কৰিবলৈ শক্তিশালী কৰা এক আন্দোলন।