২০১৬ৰ পৰা ৪.৮ লাখ বেকলগ খালী পদ পূৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে...

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ মন্ত্ৰালয় আৰু বিভিন্ন বিভাগত সংৰক্ষিত খালী হৈ থকা পদসমূহত নিযুক্তিৰ বাবে চৰকাৰে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই কাৰ্যৰ বাবে

author-image
Asomiya Pratidin
New Update
ddd

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ মন্ত্ৰালয় আৰু বিভিন্ন বিভাগত সংৰক্ষিত খালী হৈ থকা পদসমূহত নিযুক্তিৰ বাবে চৰকাৰে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই কাৰ্যৰ বাবে চৰকাৰে উপ-সচিব পদবী আৰু এজন যোগাযোগ বিষয়া নিযুক্তি প্ৰদান কৰি বিষয়টোৰ ওপৰত দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

এই বিষয়ৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে, ২০১৬ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে ৪.৮ লাখ বেকলগ খালী পদ পূৰণ কৰা হৈছে। তেওঁ লগতে কয় - কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰালয়/বিভাগকে বেকলগ সংৰক্ষিত খালী পদ চিনাক্তকৰণৰ বাবে এখন আভ্যন্তৰীণ সমিতি গঠন কৰিবলৈ, এনে খালী পদৰ মূল কাৰণ অধ্যয়ন কৰিবলৈ, এনে খালী পদৰ কাৰণ হোৱা কাৰকসমূহ আঁতৰোৱাৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ আৰু বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে সেইবোৰ পূৰণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে।

মোডী চৰকাৰ