ওদালগুৰিত শুশ্ৰূষা সেতুঃ ৪৫২৯ গৰাকী শিশু, কিশোৰ-কিশোৰীক স্বাস্থ্য পৰীক্ষা সম্পন্ন

শুকুৰবাৰে ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত "শুশ্ৰূষা সেতু" শীৰ্ষক এখনি বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
rtrtrtrtrtrtt

ডিজিটেল সংবাদ, ওদালগুৰিঃ শুকুৰবাৰে ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত "শুশ্ৰূষা সেতু" শীৰ্ষক এখনি বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। ওঠৰ (১৮)বছৰৰ তলৰ শিশু আৰু কিশোৰ কিশোৰীসকলক চিকিৎসা প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰতিটো বিধান সভা সমষ্টিতে এই বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে। 

এই শিবিৰ উদ্বোধন কৰে বিটিচি চৰকাৰৰ উপ-মুখ্য কাৰ্যৱাহী বিষয়া ৰিহণ দৈমাৰীয়ে। উদ্বোধন কৰি প্ৰদান কৰা ভাষণত দৈমাৰীয়ে ৰাজ্য চৰকাৰৰ এই পদক্ষেপক আদৰণি জনায়। এনে ধৰণৰ স্বাস্থ্য শিৱিৰৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ ৰোগৰ কথা প্ৰাৰম্ভিক অৱস্থাত গম পালে তাক নিৰ্মূল কৰাত যথেষ্ট নিশ্চয়তা থাকে। এনেবোৰ পদক্ষেপৰ জৰিয়তে শিশুসকল ৰোগমুক্ত হব বুলিও তেখেতে প্ৰকাশ কৰে।

WhatsApp Image 2025-10-24 at 5.19.58 PM

স্বাস্থ্য শিবিৰ উদ্বোধনি অনুষ্ঠানত বিটিচি চৰকাৰৰ ধইএম ফ্ৰেছ মুছাহাৰী, ওদালগুৰি জিলাৰ আয়ুক্ত পুলক পাটগিৰি, অতিৰিক্ত জিলা আয়ুক্ত চৰফ্ৰাজ হক, সহকাৰী আয়ুক্ত ক্ৰান্তি দেৱী, জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সঞ্চালক ডাঃ কুমুদ চন্দ্ৰ দাস, বিদ্যালয় পৰিদৰ্শক ভবেন দেউৰী, জিলা সমাজ কল্যাণ বিষয়া ধীৰাজ তালুকদাৰ, ওদালগুৰি স্বাস্থ্য খণ্ডৰ মহকুমা স্বাস্থ্য বিষয়া ডঃ প্ৰবীণা দেৱী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া বাছিল টপ্প আদি উপস্থিত থাকে।

WhatsApp Image 2025-10-24 at 5.19.59 PM (2)

এই স্বাস্থ্য শিবিৰত শিশু ৰোগ বিশেষজ্ঞ ডঃ অকচৰা এম্ শিভান, ডঃ উপাসনা দেউৰী, ডঃ নৰেন বৰুৱা, ডঃ বি কে শৰ্মা, মেডিচিন বিশেষজ্ঞ ডঃ কৃনাংশু দাস, ডঃ ইমতিয়াজ হুছেইন, ডঃ এম দি শাজাৱাৰ, ডঃ নিৰজ দাস, শল্য চিকিৎসক ডঃ বিক্ৰমাদিত্য দৈমাৰী, ডঃ পল্লৱ শইকীয়া, স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডঃ মহিবুল ৰহমান, ডঃ মিঠুন সৰকাৰ, ডঃ ৰূপম সৰকাৰ, নাক, কাণ, ডিঙিৰ বিশেষজ্ঞ ডঃ উৎপল শৰ্মা, ডঃ মনীষ শৰ্মা, ডঃ অংকিত দাস, চকু ৰোগ বিশেষজ্ঞ ডঃ ধীৰাজ সিং ছানচৱান, ডঃ লক্ষ্যধৰ শৰ্মা, মানসিক ৰোগ বিশেষজ্ঞ ডঃ অজয় শৰ্মা, অস্থি ৰোগ বিশেষজ্ঞ ডঃ আশীষ শৰ্মা, ডঃ প্ৰাঞ্জল গোস্বামী, ডঃ লক্ষণ বড়ো, দন্ত ৰোগ বিশেষজ্ঞ ডঃ মৃন্ময় কুমাৰ নাথ, ডঃ নিশংক মিলন নাথ আদিৰ লগতে আন কেইবাগৰাকীও চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰে। 

WhatsApp Image 2025-10-24 at 5.19.59 PM (1)

উল্লেখযোগ্য যে, এই শিবিৰত ৪৫২৯ গৰাকী শিশু তথা কিশোৰ কিশোৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। স্বাস্থ্য শিবিৰটোত বংশানুক্ৰমিক ৰোগ, যকৃৎ, বিক্ক, চকু, নাক- কাণৰ ৰোগকে ধৰি ৫০ বিধৰো অধিক ৰোগৰ পৰীক্ষা তথা বিনামূলীয়া  ঔষধ প্ৰদান কৰা হয় লগতে একাংশ শিশু তথা কিশোৰ কিশোৰীক ৰোগ অনুসৰি উন্নত আৰু বিনামূলীয়া চিকিৎসাৰ বাবে বিশেষ সা সুবিধা থকা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। 

ওদালগুৰি জিলা ওদালগুৰি