/asomiyapratidin/media/media_files/2025/10/13/1-2025-10-13-20-44-29.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ ৰাজ্যখনৰ চিকিৎসালয়সমূহৰ উন্নীতকৰণৰ বাবে অসম চৰকাৰে ৪২৮৭ কোটি টকা ব্যয়ত অনুমোদন জনাইছে। নিজ সামাজিক মাধ্যম যোগে এই তথ্য প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই।
জানিব পৰা মতে, আশ্বা শীর্ষক পৰিকল্পনাৰ অংশ হিচাপে এই পদক্ষেপ গ্রহণ কৰা হ'ব। ইয়াৰ অধীনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালক অত্যাধুনিক সা-সুবিধাৰে পুনৰ নির্মাণ কৰা হ'ব। একেদৰে ডিব্ৰুগড় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ত স্মার্ট ক্লাছ আৰু আধুনিক পৰীক্ষাগাৰ নিৰ্মাণ কৰা হ'ব।
উল্লেখ কৰা প্ৰয়োজন যে, শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ত ডিজিটেল আৰু শৈক্ষিক উন্নয়নৰ বাবেও পদ লোৱা হৈছে। এই পৰিকল্পনাৰ অধীনত চিকিৎসক, নার্চ আৰু পেৰামেডিকেল কর্মীসকলক প্রশিক্ষণ আৰু দক্ষতা বিকাশৰ ব্যৱস্থা কৰা হ'ব বুলিও মুখ্যমন্ত্রীয়ে প্রকাশ কৰিছে।