/asomiyapratidin/media/media_files/2025/10/14/521-2025-10-14-21-30-32.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ আমচৈৰ ৰাজহুৱা ভবনত মঙলবাৰে অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰহা বিধানসভা সমষ্টি ভিত্তিত ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠানো অনুষ্ঠিত হয়।
অগপ নেত্ৰী নিবেদিতা পাটৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অগপৰ কেন্দ্ৰীয় উপসভাপতি বিষ্ণু দাসে কয় যে আঞ্চলিকতাবাদ থাকিলেহে জাতিৰ উত্তৰণ সম্ভৱ। অগপই বিগত ৪১ বৰ্ষ গৰকি আঞ্চলিকতাবাদৰ লগতে জাতীয়তাবাদৰ ধ্বজা উৰুৱাই আহিছে।
কিছু সময়ত অগপৰ বিপৰ্যয় আহিছে যদিও আজিও এই দলটো ৰাইজৰ অন্তৰত সোমাই আছে। তেওঁ লগতে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিচাৰণ কৰি কয় যে- শিল্পী জুবিনৰ গাৰ্গৰ মৃত্যুৱে সকলোকে ব্যথিত কৰি ৰাখিছে।
তেওঁ লগতে কয় যে-জুবিন গাৰ্গে জাতি-ধৰ্ম-বৰ্ণ সকলোকে মৰ্যাদা প্ৰদানৰ যি আদৰ্শ দেখুৱাইছিল সেই আদৰ্শৰে আমি আগুৱাই যাব লাগিব।' অসম যুৱ পৰিষদৰ নেতা পংকজ দাসে আঁত ধৰা সভাখনত অগপৰ কেন্দ্ৰীয় সম্পাদক অতুল মেধিয়ে কয় যে-অগপ শ্বহীদৰ তেজৰে গঠিত হোৱা দল।অসম গণ পৰিষদ ধৰ্ম নিৰপেক্ষ দল।
সভাত অগপ ৰহা বিধান পৰিষদৰ সভাপতি প্ৰণৱ দাসে ভাষনত কয় যে-অগপ দলে ৰাইজে প্ৰতিষ্ঠা কৰিছিল। এই দলটো নেতৃত্বই জীয়াই ৰাখিব নোৱাৰে। দল জীয়াই ৰাখিব তৃণমূল কৰ্মী সকলেহে।
সভাত অগপৰ নগাঁও জিলা সমিতিৰ উপসভাপতি বিনোদ বৰুৱা,অগপৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ উপসভাপতি কুলেন বৰা,ৰহা বিধান পৰিষদৰ কাৰ্যবাহী সভাপতি পৱন চন্দ্ৰ বৰা,বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক গোবিন শৰ্মা, অসম যুৱ পৰিষদৰ নেতা অমৰজ্যোতি ফুকন, অগপৰ কেন্দ্ৰীয় নেতা পৰেশ বৈশ্যই অগপ দলটোক শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ ৰাইজক আহ্বান জনায়।
সভাত উপস্থিত বক্তাসকলে ৰহা বিধানসভা সমষ্টিটোত অসম গণ পৰিষদৰ নেতা বিষ্ণু দাসক প্ৰাৰ্থী হিচাপে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰক্ষেপ কৰিবলৈ কেন্দ্ৰীয় নেতৃত্বক দাবী জনায়। সমষ্টিটোৰ ২৭ আঞ্চলিকৰ অগপৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰা সভাখনত উদ্দেশ্য বাখ্যা কৰে ৰহা বিধান পৰিষদৰ সম্পাদক বিশ্বজ্যোতি ভূঞাই।
সভাখনত জামুগুৰি-পাখিমৰীয়া মণ্ডলৰ সভাপতি ভূপেন ভাগৱতী, সম্পাদক মানিক বৰা,বেবেজীয়া আঞ্চলিকৰ সভাপতি অৰূপ বেজবৰা, সম্পাদক বলীন্দ্ৰ বৰকাকতি, জামুগুৰি-কুজীডাঁহ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য কৌস্তভ কুমাৰ বৰা, গাৰুখুণ্ডা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য গোলাপ নাথ, কৃষক পৰিষদৰ কেন্দ্ৰীয় সম্পাদক বলদেৱ সিং, ৰহা ৱাৰ্ড কমিচনাৰ ভূপেন দাস, ৰহা সমষ্টিৰ যুৱ পৰিষদৰ সম্পাদক নৰোত্তম নাথ, অধিবক্তা দন্দধৰ হাজৰিকা, ৰহা বিধানসভাৰ মহিলা মৰ্চাৰ সভানেত্ৰী অঞ্জু বৰা, অগপ নেতা কেশৱ দাস, ৰঞ্জন বৰাকে, দিব্যাৰাণী হাজৰিকাসহ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক অগপ কৰ্মীয়ে অংশগ্ৰহণ কৰে।
অন্যহাতেদি পতাকা উত্তোলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিষ্ণু দাসে আৰু শ্বহীদ তৰ্পন কৰে কুলেন বৰাই। উল্লেখযোগ্য যে প্ৰতিষ্ঠা সভাত দেওধৰ পঞ্চায়তৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৯ জন সদস্যই অগপত আজি যোগদান কৰে।