/asomiyapratidin/media/media_files/2025/08/24/new-ap-web-1-1-2025-08-24-08-48-50.jpg)
ডিজিটেল ডেস্কঃ দেশৰ ৪০% মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ) আৰু নেশ্যনেল ইলেকচন ৱাচৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য। বিধানসভা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩০ গৰাকী মুখ্যমন্ত্ৰীৰ শপতনামা অধ্যয়ন কৰি এই প্ৰতিবেদন প্ৰকাশ কৰা হৈছে। এই প্ৰতিবেদন অনুসৰি ১২ জন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে(৪০%) অপৰাধমূলক গোচৰৰ থকাৰ বিপৰীতে ১০ জন মুখ্যমন্ত্ৰী (৩৩%) হত্যাৰ চেষ্টা, অপহৰণ, উৎকোচ আৰু অপৰাধমূলক ভাবুকি আদি গুৰুতৰ অপৰাধত অভিযুক্ত।
ইয়াৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেভান্থ ৰেড্ডীৰ বিৰুদ্ধে আছে সৰ্বাধিক ৮৯টা গোচৰ। দ্বিতীয় স্থানত আছে তামিলনাডুৰ এম কে ষ্টেলিন। ষ্টেলিনৰ বিৰুদ্ধে ৪৭টা গোচৰ ৰুজু হৈছে। ইয়াৰ পিছতে আছে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু (১৯টা), কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামৈয়া (১৩টা) আৰু ঝাৰখণ্ডৰ হেমন্ত ছ’ৰেণ (৫টা)। ইয়াৰ উপৰি মহাৰাষ্ট্ৰৰ দেৱেন্দ্ৰ ফাদনবিছ আৰু হিমাচলৰ সুখবিন্দৰ সিং চুখুৰ বিৰুদ্ধে ৪টা, কেৰালাৰ পিনাৰায়ী বিজয়নৰ বিৰুদ্ধে ২টা, আৰু পঞ্জাৱৰ ভগৱন্ত মানৰ বিৰুদ্ধে ১টা গোচৰ ৰুজু হৈছে।
উল্লেখযোগ্য যে, শেহতীয়াকৈ কেন্দ্ৰই সংসদত তিনিখন বিধেয়ক উত্থাপন কৰি প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক কমেও পাঁচ বছৰৰ কাৰাদণ্ডৰ অভিযোগত ৩০ দিন বা তাতকৈ অধিক সময় জিম্মাত থাকিলে স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ দাবী জনাইছে। তেনে সময়ছোৱাতে প্ৰকাশিত এই তালিকাই লাভ কৰিছে ব্যাপক চৰ্চা।