শিলচৰত জব্দ নিচাজাতীয় সামগ্ৰী, আটক ৪ সৰবৰাহকাৰী

কাছাৰত নিষিদ্ধ ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে শিলচৰত দুটা পৃথক অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ গাঞ্জা আৰু হেৰ'ইন জব্দ কৰিছে। 

author-image
Asomiya Pratidin
New Update
web ap drugs

ডিজিটেল সংবাদ শিলচৰঃ কাছাৰত নিষিদ্ধ ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে শিলচৰত দুটা পৃথক অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ গাঞ্জা আৰু হেৰ'ইন জব্দ কৰিছে। 

এই অভিযান কালত ৬৫ কেজি গাঞ্জা আৰু ১৬৫ গ্ৰাম হেৰ'ইন জব্দ কৰিছে আৰক্ষীয়ে। হেৰ'ইনৰ সৈতে নগদ ৭৫ হাজাৰ টকাও জব্দ কৰা হয়। দুয়োটা অভিযানত গাঞ্জা আৰু হেৰ'ইনৰ  ব্যৱসায়ৰ‌ সৈতে জৰিত থকা চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে। গোপন তথ্যৰ ভিত্তিত শিলচৰ ৰামনগৰ ISBT ত অভিযান চলাই আৰক্ষীয়ে চাৰিটা চিলিণ্ডাৰ সদৃশ ড্ৰামৰ পৰা ৭০ পেকেট গাঞ্জা জব্দ কৰে। পেকেট কেইটাৰ পৰা মুঠ ৬৫ কেজি গাঞ্জা জব্দ কৰা হয়। গাঞ্জা সৰবৰাহৰ সৈতে জৰিত থকা পশ্চিম ত্ৰিপুৰাৰ আমতলিৰ বিশ্বজিৎ পাল আৰু তিনিচুকীয়া বৰহোলা পানীতোলাৰ ভাইমন চেতিয়াক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ইফালে, শিলচৰ চহৰ এলেকাৰ কালিবাৰী‌ চৰৰ এটা ঘৰত দ্বিতীয়টো ড্ৰাগছ বিৰোধী অভিযান চলাই আৰক্ষীয়ে হেৰ'ইন ভৰ্তি ৪টা চাবোনৰ বাকচ আৰু ৬৫০টা প্লাষ্টিকৰ বাকচ জব্দ কৰে। চাবোন বাকচ আৰু কন্টেইনাৰ কেইটাৰ পৰা মুঠ ১৬৫ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়। হেৰ'ইনৰ সৈতে নগদ ৭৫ হাজাৰ টকাও জব্দ কৰে আৰক্ষীয়ে।

আনহাতে, হেৰ'ইন মজুত ৰখাৰ অভিযোগত আৰক্ষীয়ে নেকিম উদ্দিন মজুমদাৰ আৰু বাহাৰ উদ্দিন লস্কৰক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা গাঞ্জা আৰু হেৰ'ইনৰ মুল্য প্ৰায় ১.৫ কোটি টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে। গাঞ্জা খিনি ত্ৰিপুৰাৰ আগৰতলা আৰু হেৰ'ইন খিনি মিজোৰাম কলাছিপৰ সৰবৰাহ কৰা হৈছিল।

শিলচৰ