/asomiyapratidin/media/media_files/2025/12/01/new-ap-web-9-2025-12-01-17-58-19.jpg)
ডিজিটেল সংবাদ, গহপুৰ : গহপুৰৰ দক্ষিণাঞ্চলৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া কাজিৰঙা ষষ্ঠ সংযোজন এলেকাৰ সমীপৰ্তী বিভিন্ন অঞ্চলৰ পৰা পুনৰ গ্ৰেপ্তাৰ হৈছে ৪ জন দুধৰ্ষ গঁড় চিকাৰী । বিশ্বনাথ ৱাইল্ড লাইফ ডিভিজনৰ ডি এফ অ' ৰিতু পবন বৰা,গমিৰি ইষ্টাৰ্ণ ৰেঞ্জৰ ৰেঞ্জ ফৰেষ্ট অফিচাৰ গৌতম তিমুং,পানীভড়াল ক্ৰাইন ইনভেষ্টিগেছন ৰেঞ্জৰ ৰেঞ্জ ফৰেষ্ট অফিচাৰ ৰাজু শইকীয়া, ফৰেষ্টাৰ গ্ৰেড ওৱান পংকজ খাটনিয়াৰ আৰু উত্তম চমুৱাৰ নেতৃত্বত যোৱা ২৮ নৱেম্বৰৰ পৰা চলাই থকা কৌশলপূৰ্ণ অভিযানত গ্ৰেপ্তাৰ হৈছে চোৰাং গড় চিকাৰী চাৰিটা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/whatsapp-image-20-2025-12-01-17-55-39.jpeg)
ধৃত গঁড় চিকাৰী চাৰিটা হৈছে গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰাওনামুখৰ মুৰলী মিলিৰ পুত্ৰ বিশ্বৰূপ মিলি(৩৮),গজপুৰীয়াৰ হৰকান্ত পেগুৰ পুত্ৰ ৰণোজ পেগু(৩২),সৰুতামুলীৰ গোলাপচন পাছুঙৰ পুত্ৰ বিমল পাচুং(৩০) আৰু সৰুতামুলীৰ নিৰেন পেগুৰ পুত্ৰ বিৰগু পেগু(২৬)। উক্ত অভিযানত অভিযানকাৰী দলটোৱে তেওঁলোকৰ জিম্মাৰ পৰা এটা ১২ বৰ'ৰ একক বেৰেলৰ ৰাইফলসহ দুই জাঁই হস্ত নিৰ্মিত গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ বাবে পৰিকল্পনা ৰচিছিল উক্ত গঁড় চিকাৰী চাৰিটাই। জানিব পৰামতে-কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰৰ বাবে এটা চোৰাং চিকাৰীৰ দলে পৰিকল্পনা কৰাৰ তথ্য লাভ কৰিছিল উক্ত অভিযানকাৰী দলটোৱে।
ইয়াৰ পিছতে যোৱা ২৮ নৱেম্বৰৰ পৰা গহপুৰৰ দক্ষিণাঞ্চলৰ স্পৰ্শকাতৰ অঞ্চলসমূহত জোৰদাৰ অভিযান চলাই উক্ত অভিযানকাৰী দলটোৱে। উক্ত অভিযানত যোৱা ২৯ নৱেম্বৰত প্ৰথমে গ্ৰেপ্তাৰ হয় ৰাওনামুখৰ বিশ্বৰূপ মিলি।
ধৃত বিশ্বৰূপৰ স্কীকাৰোক্তিৰ ভিত্তিত সোমবাৰে ৰণোজ পেগু, বিমল পাচুং আৰু বিৰগু পেগু গ্ৰেপ্তাৰ হয়। তদুপৰি উক্ত অভিযানকাৰী দলটোৱে আৰু দুজনকো সোধা পোছাৰ বাবে আটক কৰা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে গহপুৰৰ দক্ষিণাঞ্চলৰ কাজিৰঙা ষষ্ঠ সংযোজন এলেকাৰ দাঁতিকাষৰীয়া বিভিন্ন অঞ্চলৰ পৰা যোৱা কেইদিনমানৰ ভিতৰত বহুকেইজন চোৰাং গঁড় চিকাৰী আৰক্ষী আৰু বন বিভাগৰ হাতত গ্ৰেপ্তাৰ হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us