/asomiyapratidin/media/media_files/2025/10/27/60-2025-10-27-13-27-13.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : এক মৰ্মান্তিক পথ দুৰ্ঘটনাই দেওবাৰে নিশা শোকাচন্ন কৰি গ'ল ঘিলামৰা । ঘিলামৰা -ঢকুৱাখনা ৰাজ্যিক ঘাইপথৰ ঘিলামৰা পেট্ৰল পাম্পৰ সমীপত দেওবাৰে নিশা দুখন দুচকীয়া বাহনৰ প্ৰচণ্ড খুন্দাত গুৰুতৰভাৱে জখম হয় এগৰাকী মহিলাসহ ৩ গৰাকী আৰোহী ।
নিশা প্ৰায় ৮-২০ বজাত সংঘটিত এই পথ দুৰ্ঘটনাত আহত সকলক ক্ষিপ্ৰতাৰে ঘিলামৰা সামূহিক চিকিৎসালয়লৈ প্ৰাথমিক চিকিৎসাৰ বাবে নিয়া হয়। চিকিৎসকৰ চিকিৎসাৰ অন্তত দুৰ্ঘটনাটোত মূৰত প্ৰচণ্ড আঘাট প্ৰাপ্ত হোৱা প্ৰণৱ বৰুৱা আৰু ভৰিৰ কেইবা অংশ ভাগি যোৱা জোনমনি গোঁহাইক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰাথমিক চিকিৎসাৰ অন্তত জৰুৰী চিকিৎসাৰ বাবে "ৰেফাৰ" কৰা হয় ।
অন্য দুগৰাকী ব্যক্তি ক্ৰমে ঋষভ সেনাপতি সামান্যভাৱে আহত হোৱাৰ বিপৰীতে ৰমেন গোঁহাইকো উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা হয় । ঘটনাৰ খবৰ পাই স্থানীয় ৰাইজ চিকিৎসালয়ত উপস্থিত হৈ আহত সকলক সহায়ৰ বাবে তৎপৰ হয় । আহত দুগৰাকীক ব্যক্তিগত বাহনত উন্নত চিকিৎসাৰ বাবে নিয়া হয় যদিও গুৰুতৰভাৱে আহত হৈ প্ৰচুৰ ৰক্তক্ষৰণ হোৱা প্ৰণৱ বৰুৱাক নিবলৈ ১০৮ মৃত্যুঞ্জয় সেৱা বিচাৰি বহু সময় হাঁহাকাৰ কৰিব লগা হয় আত্মীয়।
আহতৰ আত্মীয় এগৰাকী কিশোৰীয়ে এই সেৱাৰ বাহন চিকিৎসালয় চৌহদত দেখি আহতক জৰুৰীভাৱে নিয়াৰ বাবে প্ৰায় ৩০ মিনিট ধৰি কান্দি কান্দি খাটনি ধৰে । উদগ্ৰীৱ উপস্থিত ৰাইজেও বহু সময় চিকিৎসালয়ৰ কৰ্মীক ১০৮ সেৱাৰ সৈতে টেলিফোনিক যোগাযোগ কৰাত ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিতত মুমূৰ্ষু ব্যক্তিজনক ক্ষিপ্ৰতাৰে ডিব্ৰুগড়লৈ নিয়াৰ বাবে খাটনি ধৰে।
কিন্তু চিকিৎসালয় কৰ্তৃপক্ষ আৰু স্বাস্থ্য কৰ্মী সকলোৱে যথোচিত গুৰুত্ব আৰোপ নকৰাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। ৰাইজ আৰু আত্মীয়ৰ প্ৰবল আহ্বানৰ পাছতো মানৱীয়তাৰ খাতিৰত চিকিৎসালয়ত মৃত্যুৰে যুঁজি নিথৰ হৈ পৰি থকা ব্যক্তিজনক চৌহদতে থকা ১০৮ সেৱাৰ বাহনখনত প্ৰেৰণৰ ব্যৱস্থা কৰি নিদিলে স্বাস্থ্য বিভাগে ।
প্ৰায় ১ ঘণ্টা পাছত ১০৮ সেৱাৰ বাহনখন ৰাইজে আনি মুমূৰ্ষু ব্যক্তিজনক জৰুৰী চিকিৎসাৰ বাবে প্ৰেৰণৰে ব্যৱস্থা কৰে ।ঘিলামৰা আৰক্ষীৰ সহযোগিতাৰ বিপৰীতে চিকিৎসালয় কৰ্তৃপক্ষৰ এই ক্ষেত্ৰত বেপৰোৱা আচৰণকলৈ উপস্থিত ৰাইজে চিকিৎসালয় চৌহদত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে যদিও পাছত শাম কাটে ।
অতি সংকটজনক অৱস্থাত গুৰুতৰ ভাবে আহত ব্যক্তি গৰাকীক চিকিৎসালয়ৰ বিছনাত পেলাই চিকিৎসালয় কৰ্তৃপক্ষই প্ৰদৰ্শন কৰা এনে অমানৱীয় কাৰ্যই ঘিলামৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটাইছে । ৰাইজৰ স্পষ্ট মত যদি গুৰুতৰ জখমী গৰাকীৰ কিবা অঘটন ঘটে তাৰ বাবে সম্পূৰ্ণৰূপে জগৰীয়া হব চিকিৎসালয় কৰ্তৃপক্ষৰে দায়িত্বহীনতা ।
ইপিনে চিকিৎসালয় কৰ্তৃপক্ষই আহতৰ অভিভাৱক উপস্থিত নোহোৱা আৰু ১০৮ সেৱাৰ ওপৰত চিকিৎসালয়ৰ কৰ্তৃত্ব নথকাৰ দোহাই দি আহতক প্ৰেৰণ কৰাত পলম হোৱা বুলি অৱগত কৰি পাৰ্যমানে জৰুৰী চিকিৎসা সেৱা আগবঢ়াই যোৱা বুলি জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us