ৰাজ্যৰ ৪ লাখ চাহ জনগোষ্ঠীৰ পৰিয়ালক প্ৰদান কৰা হ'ব মাটিৰ পট্টা

জনসংখ্যা নীতি অনুসৰি দুটাতকৈ অধিক সন্তান থকা লোকে চৰকাৰী চাকৰি লাভ কৰিব নোৱাৰে অথবা পঞ্চায়ত নির্বাচন খেলিব নোৱাৰে। মন্ত্রীসভাৰ বৈঠকত চাহ শ্রমিক আৰু মৰাণ, মটক সম্প্রদায়ৰ লোকসকলক এই নীতিৰ পৰা বেহাই দিয়াৰ সিদ্ধান্ত লোৱা হয় বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কৰে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-24 at 10.06.24 AM

ডিজিটেল সংবাদ,গুৱাহাটীঃ   ৰাজ্যৰ প্ৰায় ৪ লাখ চাহ জনগোষ্ঠীৰ পৰিয়ালক মাটিৰ পটা প্ৰদান কৰা হ'ব বুলি বৃহস্পতিবাৰে সিদ্ধান্ত  গ্ৰহণ কৰে ৰাজ্যিক কেবিনটে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্রী সভাৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়।

 বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চাহ জনগোষ্ঠীৰ লোকসকলক বাগিচাৰ লাইনৰ মাটিৰ পট্টা দিয়া সন্দৰ্ভত বিতংভাবে আলোচনা কৰি এই সম্বন্ধীয় প্রস্তাবত নীতিগতভাবে অনুমোদন জনোবা হয়।

কাইলৈ জিলা আয়ুক্তসকলৰ সৈতে এই সন্দৰ্ভত বৈঠক অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্রী শর্মাই জানিবলৈ দিয়ে। মন্ত্রীসভাই মৰাণ, মটক আৰু চাহ জনগোষ্ঠীৰ লোকসকলক জনসংখ্যা নীতিৰ আওতাৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্তত অনুমোদন জনায়।

চাহ জনগোষ্ঠী