/asomiyapratidin/media/media_files/2025/11/12/206-2025-11-12-18-48-54.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : সাহিত্য চৰ্চাৰ মাজেৰে উত্তৰ প্ৰজন্মক নিজৰ ঐতিহ্য তথা গৌৰৱময় বৌদ্ধিক বুনিয়াদৰ সৈতে পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেৰে আৰম্ভ হোৱা প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱে তৃতীয় বৰ্ষত ভৰি দিলে। অহা ১৪ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত শিপাৰ সন্ধানত মূল মন্ত্ৰৰে অনুষ্ঠিত হ’ব তৃতীয় প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ।
বুধবাৰে গুৱাহাটীত এক সংবাদমেলত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫ৰ পৃষ্ঠপোষক সংস্থা শংকৰদেৱ শিক্ষা আৰু গৱেষণা ফাউণ্ডেছনৰ অধ্যক্ষ লে: জেনেৰেল ( অৱসৰপ্ৰাপ্ত) ৰাণা প্ৰতাপ কলিতা, আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি সৌম্যদ্বীপ দত্ত, উপ সভাপতি নৱ ঠাকুৰীয়া আৰু সাধাৰণ সম্পাদক বিক্ৰম কলিতাই আগন্তুক সাহিত্য উৎসৱ সন্দৰ্ভত এক ৰূপৰেখা দাঙি ধৰে। সাহিত্য উৎসৱৰ বিভিন্ন দিশ সমূহৰ বিষয়ে অৱগত কৰোৱাৰ লগতে উৎসৱৰ শেষৰ দিনা পূৰ্বৰ বছৰৰ দৰে এইবাৰো এগৰাকী উদীয়মান আৰু এগৰাকী জ্যেষ্ঠ সাহিত্যিকক প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা’২০২৫ বঁটা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।
প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫ৰ উদ্বোধনী হ’ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা, প্ৰানৰ শিল্পী জুবিন গাৰ্গ আৰু বাঁহীৰ যাদুকৰ দীপক শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে। এইবাৰৰ সাহিত্য উৎসৱৰ প্ৰাৰম্ভিক আলোচনা সত্ৰখনৰ আলোচ্য বিষয় ৰখা হৈছে অসমীয়া গীতি সাহিত্যৰ পৰিবৰ্তন আৰু পৰিবৰ্ধন সন্দৰ্ভত। সংবাদমেলত জনোৱা মতে, ১৪ নৱেম্বৰৰ উদ্বোধনী অনুষ্ঠানৰ মূল বক্তা হিচাপে অংশগ্ৰহণ কৰিব আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সাহিত্যিক শেফালী বৈদ্যই। উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশ ল'ব, সু-সাহিত্যিক, বক্তা নন্দ সিং বৰকলাই।
গীতি সাহিত্যৰ লগতে এইবাৰৰ সাহিত্য উৎসৱৰ আলোচনা সত্ৰত বিশেষ ভাবে আলোচিত হ’ব অসমীয়া ভাষা সাহিত্যৰ সম্প্ৰসাৰণৰ সৈতে সাংবাদিকতাৰ সম্পৰ্ক, অংকীয়া ভাওনাৰ পৰা ভ্ৰাম্যমাণলৈ অসমীয়া নাট্য শিল্পৰ ধাৰা, অসমীয়া সমাজত প্ৰকৃতি সাহিত্যৰ প্ৰভাৱ, অসমীয়া অনুবাদ সাহিত্যৰ ধাৰা আদি বিষয়সমূহ। তদুপৰি, দুটা বিশেষ অনুষ্ঠান হ’ব প্ৰসিদ্ধ ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সৃষ্টিৰাজিৰ এক বিশ্লেষণাত্মক আলোচনা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু দৰ্শনৰ আলোচনা।
এই আটাইকেইখন আলোচনা সত্ৰত সমল ব্যক্তি হিচাপে অংশ ল’ব অসমৰ সাহিত্য-সংস্কৃতি জগতৰ কেইবাজনো বিশিষ্ট লেখক, শিল্পী, সাহিত্যিক আদিয়ে। তিনিদিনীয়া সাহিত্য উৎসৱৰ দ্বিতীয় আৰু তৃতীয় দিনৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব শ্ৰীমন্ত মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত।
সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক ডাঃ অপূৰ্ব কুমাৰ শইকীয়াই মূখ্য অতিথি ৰূপে অংশ ল’ব সাহিত্য উৎসৱৰ দেওবাৰে অনুষ্ঠিত হ’বলগীয়া সামৰণি অনুষ্ঠানত। সংবাদ মেল যোগে লেঃ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ৰানা প্ৰতাপ কলিতা আৰু সৌম্যদ্বীপ দত্তই সমূহ সাহিত্যানুৰাগীক প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫ সফল কৰি তুলিবলৈ আহ্বান জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us