/asomiyapratidin/media/media_files/2025/11/04/133-2025-11-04-14-58-20.jpg)
ডিজিটেল সংবাদ, শিলচৰ : চোৰাং ম'হ সৰবৰাহৰ বিৰুদ্ধে বিএছএফ আৰু কাছাৰ আৰক্ষীৰ অভিযান অৱ্যাহত আছে । বাংলাদেশলৈ সৰবৰাহৰ বাবে ট্ৰাকত লোড কৰি থকা সময়ত তিনিখন ম'হভৰ্তি ট্ৰাক জব্দ কৰে বিএছএফ আৰু ভাংগাৰপাৰ আৰক্ষীয়ে।
বৰখলাৰ সোনাপুৰত নিশা অভিযান চলাই জব্দ কৰা হয় ম'হ ভৰ্তি ট্ৰাক তিনিখন। ট্ৰাক তিনিখনৰ পৰা মুঠ ৩৭ টা চোৰাং ম'হ জব্দ কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/04/whatsapp-i-2025-11-04-14-58-05.jpeg)
ম'হৰ সৈতে ট্ৰাককেইখনৰ চালক তিনিজনকো আটক কৰে আৰক্ষীয়ে। ধৃত চোৰাং ব্যৱসায়ী কেইজন বৰকলা সোনাপুৰৰ নাজিম উদ্দিন চৌধুৰী, হাচমুল হুছেইন আৰু আনোৱাৰ উদ্দিনক বৰ্তমান বৰখলা থানাত জেৰা অব্যাহত ৰাখিছে।ইফালে, আন এক অভিযানত বি এছ এফৰ ১৭০ নম্বৰ বেটেলিয়নে কাটিগৰা বাংলাদেশ সীমান্তৰ পৰা মঙলবাৰে আৰু ৮টা চোৰাং ম'হ জব্দ কৰে। ম'হ কেইটা বাংলাদেশলৈ চোৰাংভাৱে সৰবৰাহৰ সময়ত বি এছ এফে জব্দ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us