/asomiyapratidin/media/media_files/2025/11/13/1-2025-11-13-22-37-23.jpg)
ডিজিটেল সংবাদ,গহপুৰঃ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত গহপুৰ বিধান সভা সমষ্টিৰ মুঠ ৩৬,৮৫৭ গৰাকী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আত্মসহায়ক গোটৰ মহিলাক আজি আনুষ্ঠানিকভাবে ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/13/whatsapp-imag-2025-11-13-22-38-57.jpeg)
সেই উপলক্ষে বিশ্বনাথ জিলা প্ৰশাসন আৰু গহপুৰ সমজিলা প্ৰশাসনৰ উদ্যোগত আজি দিনৰ ১১-৩০ বজাৰ পৰা সমষ্টিটোৰ ভোলাগুৰি চাহ বাগিচাত অনুষ্ঠিত হয় চেক বিতৰণৰ এখন বৃহৎ সভা।উক্ত সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, মহিলা সবলীকৰণৰ ক্ষেত্ৰত যোৱা ৫ বছৰে এইখন চৰকাৰে বিভিন্ন উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিছে।
অসমৰ মহিলা সকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি এতিয়া ভাৰতৰ বিভিন্ন ৰাজ্যই গ্ৰহণ কৰিছে।এইবাৰ বিহাৰ বিধান সভা নিৰ্বাচনত অসমত ৰূপায়ণ হোৱা মহিলা উদ্যমিতা আঁচনিৰ বিষয়টো বিশেষ ভাবে আলোচনা হোৱাৰ কথা উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই আৰু কয় যে অসমত ৰূপায়ণ হোৱা অৰুণোদয় আঁচনি ছত্তিশগড়,ঝাৰখণ্ড,পশ্চিমবঙ্গ, কৰ্ণাটক,মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, হাৰিয়ানা আৰু দিল্লী চৰকাৰে ৰূপায়ণ কৰি তেওঁলোকেও মহিলা সবলীকৰণত গুৰুত্ব আৰোপ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/13/whatsapp-image-2025-11-13-22-39-13.jpeg)
পৰিয়াল আৰু সমাজ পৰিচালনাৰ নেতৃত্ব যাতে মহিলা সকলে ল'ব পাৰে তাৰ ওপৰত গুৰুত্ব দি এইখন চৰকাৰে কাম কৰা বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে মহিলা সবলীকৰণত অসম এখন আদৰ্শ ৰাজ্য হিচাপে পৰিগণিত হৈছে।
নিযুত মইনা আঁচনি গ্ৰহণ কৰাৰ ফলত এইবাৰ ৫০ হাজাৰ ছাত্ৰীৰ নামভৰ্তি বেছিকৈ হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে যুৱতী, ছাত্ৰী আৰু মহিলা সকলৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিৰ ফলত বাল্য বিবাহ,মহিলাৰ বিৰুদ্ধে অপৰাধমূলক কাৰ্য্যকলাপ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/13/whatsapp-im-2025-11-13-22-39-28.jpeg)
মহিলা সবলীকৰণৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়াৰ ফলত বিভিন্ন ক্ষেত্ৰত মহিলা সকলে নেতৃত্ব ল'বলৈ আগবাঢ়ি অহাৰ লগতে পঞ্চায়ত, জিলা পৰিষদ,চৰকাৰী চাকৰি আদিত মহিলা সকলৰ আধিপত্য বৃদ্ধি পাইছে।
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পৰিচালন সঞ্চালক কুন্তল মণি শৰ্মা বৰদলৈয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই উদ্যমিতা আঁচনিৰ সম্পৰ্কত কয় যে ইয়াৰ জৰিয়তে প্ৰতিগৰাকী মহিলাক লাখপতি কৰি তুলিবলৈ প্ৰয়াস কৰা হৈছে।
প্ৰথম পৰ্য্যায়ত পোৱা ১০ হাজাৰ টকাৰ উপযুক্ত ব্যৱহাৰ কৰাৰ পিছত আকৌ ২৫ হাজাৰ টকা ইয়াৰ পিছত পুনৰ ৫০ হাজাৰ টকা প্ৰদান কৰাৰ বিষয়ে ভাষণৰ জৰিয়তে বুজাই কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।ভাষণ প্ৰসংগত তেওঁ গহপুৰ বিধান সভা সমষ্টিৰ কৃষ্ণপুৰৰ পংকজা হাজৰিকাই পৰম্পৰাগত সাজ পাৰ তৈয়াৰ কৰি প্ৰতি মাহে ৪০ হাজাৰ টকাৰ ব্যৱসায় কৰা আৰু মিলনপুৰৰ ৰনিকা বসুমতাৰীয়ে ড্ৰেগন ফলৰ খেতিৰ জৰিয়তে প্ৰতি মাহে ২৭ হাজাৰ টকাৰ ব্যৱসায় কৰি কেনেদৰে আত্মনিৰ্ভৰশীল হৈছে সেই বিষয়ে উল্লেখ কৰে।
এই মহিলা উদ্যমিতা আঁচনি বাবে অসমৰ ৩৬ লাখ মহিলাই প্ৰ-পত্ৰ পূৰণ কৰা বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়ালৈকে অসমৰ ৪০ টা বিধান সভা সমষ্টিত এই অনুদান দিয়া হৈছে। বিশ্বনাথ চাৰিআলি পৌৰসভাৰ মুখ্য সহায়ক ভাস্কৰ জ্যোতি বৰাই আঁত ধৰা সভাখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ সুবিধা পোৱা প্ৰতিটো পৰিয়ালে অহা ১ জানুৱাৰীৰ পৰা প্ৰতিটো গেছ চিলিণ্ডাৰৰ বাবে ১২৫০ টকাৰ লগত অতিৰিক্ত ৩০০ টকা ৰাজসাহাৰ্য্য হিচাপে লাভ কৰিব বুলি উল্লেখ কৰে।
তদুপৰি অহা ফেব্ৰুৱাৰী মাহত প্ৰতিটো অৰুণোদয় পৰিয়ালক এটা বিশেষ উপহাৰ দিয়া হ'ব বুলিও ভাষণত উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই।ইপিনে ৰেছন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে অহা ১ জানুৱাৰীৰ পৰা মাত্ৰ ১০০ টকাত এক কেজি দালী,এক কেজি চেনী আৰু এক কেজি নিমখ লাভ কৰিব বুলিও ভাষণত উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই।
কংগ্ৰেছ চৰকাৰে ধুতি, লুঙি,সুতা,কম্বল দিয়াৰ বিপৰীতে বিজেপি চৰকাৰে প্ৰতিটো পৰিয়ালে কেনেকৈ সুন্দৰ ভাবে নিজৰ নিজৰ ঘৰখন চলাই নিব পাৰে তাৰ ওপৰত গুৰুত্ব দি আঁচনি প্ৰস্তুত কৰা বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই।
ঘোচ নিদিয়াকৈ কেৱল মেধাৰ ভিত্তিত চাকৰি লাভ কৰাটো এইখন চৰকাৰৰ আন এক কৃতিত্ব বুলি ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।সভাখনত ভাষণ প্ৰদান কৰি শোণিতপুৰ লোক সভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত আৰু গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাই হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্য্যকালত সমগ্ৰ অসমত দ্ৰুত উন্নয়ন হোৱা বুলি উল্লেখ কৰে।
উত্তৰ অসমৰ সামগ্ৰিক উন্নয়নত হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট গুৰুত্ব দিয়া বুলি তেওঁলোকে ভাষণত উল্লেখ কৰে।সভাৰ মঞ্চত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পৰিচালন সঞ্চালক কুন্তল মণি শৰ্মা বৰদলৈ, শোণিতপুৰ লোক সভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত,বিশ্বনাথ জিলাৰ আয়ুক্ত সীমান্ত কুমাৰ দাস,গহপুৰ সমজিলাৰ আয়ুক্ত আদিত্য প্ৰতাপ সিং,বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, বিশ্বনাথ জিলা পৰিষদৰ চেয়াৰমেন সুনীতা তাঁতী,গহপুৰ পৌৰসভাৰ পোৰপতি অতুল বৰা আৰু যুৱ সমাজকৰ্মী অসীম কুমাৰ দাস উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us