UPDATES: বৈষ্ণুদেৱী ভূমিস্খলনত এতিয়ালৈকে ৩৪ জনৰ প্ৰাণহানি...

ৰুষ্ট প্ৰকৃতিৰ কবলত পৰিছে ভূস্বৰ্গ জম্মু-কাশ্মীৰ। বিগত এটা দশকৰ ভিতৰত সংঘটিত সৰ্ববৃহৎ বৰষুণ আৰু তাৰ ফলত সৃষ্টি হোৱা বান আৰু ভূমিস্খলনে জম্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্তত নমাইছে প্ৰলয়। এই পৰ্যন্ত এই প্ৰাকৃতি

New Update
d1f1e4b5-c49a-49d4-9f73-baa328d55939

ডিজিটেল ডেস্কঃৰুষ্ট প্ৰকৃতিৰ কবলত পৰিছে ভূস্বৰ্গ জম্মু-কাশ্মীৰ। বিগত এটা দশকৰভিতৰত সংঘটিত সৰ্ববৃহৎ বৰষুণ আৰু তাৰ ফলত সৃষ্টি হোৱা বান আৰু ভূমিস্খলনে জম্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্তত নমাইছে প্ৰলয়। এই পৰ্যন্ত এই প্ৰাকৃতিক দুৰ্যোগত মৃত্যুক সাবটিছে ৩৪ জনকৈ লোকে।

Advertisment

ভয়াৱহ বানৰ জলপৃষ্ঠ কিছু হ্ৰাস পাইছে যদিও পিৰখো আৰু নিকি টাৱী অঞ্চলৰ বসতিস্থল সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ স্তৰত ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। ইফালে, জম্মু-কাশ্মীৰত এইবাৰ সংঘটিত প্ৰলয় ২০১৪ চনৰ পিছত সৰ্ববৃহৎ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই।

এনে পৰিস্থিতিত প্ৰশাসন আৰু উদ্ধাৰকাৰী দলে ইতিমধ্যে ৫ হাজাৰৰো অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে। উদ্ধাৰ অভিযান, বিদ্যুৎ পুনৰুদ্ধাৰ, পানী আৰু মোবাইল সেৱা অব্যাহত আছে যদিও শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। প্ৰচণ্ড বৰষুণৰ বাবে জম্মুত ২৪ ঘণ্টাত ২৯৬ মিলিমিটাৰ বৰষুণ হোৱাৰ বিপৰীতে ১৯৭৩ চনত ২৭২.৬ মিলিমিটাৰ বৰষুণৰ পূৰ্বৰ অভিলেখ ভংগ কৰে।

ইফালে, বৈষ্ণুদেৱী ভূমিস্খলনত এতিয়ালৈকে ৩৪ জন লোকৰ প্ৰাণহানি হোৱা বুলি জানিব পৰা গৈছে৷ আহতসকলক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে, প্ৰায় সকলো যাত্ৰা বন্ধ কৰি দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃতকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰে। পথ আৰু ৰে’ল সেৱাও ক্ষতিগ্ৰস্ত হৈছে।

মাধোপুৰ দলং ভাঙি যোৱাৰ বাবে আৰু পথৰ ক্ষতি হোৱাৰ বাবে মাজনিশা যান-বাহনৰ চলাচল ব্যাহত হয় যদিও বুধবাৰৰ পৰা ৬ খন ৰে’ল পুনৰ আৰম্ভ হৈছে। সেনা, এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু স্থানীয় স্বেচ্ছাসেৱক অভিযানত নিয়োজিত হৈছে। জম্মু সংমণ্ডলৰ কিছু অংশত এতিয়াও বান অব্যাহত আছে। আগন্তুক ২-৩ দিনলৈ বতৰ প্ৰতিকূল হৈ থাকিব বুলি সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞানে।

বৈষ্ণো দেৱী