/asomiyapratidin/media/media_files/2025/08/18/whatsapp-2025-08-18-16-11-07.jpeg)
ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা বিশ্বনাথৰ জৱাহৰ নৱোদয় বিদ্যালয়ত আৰম্ভ হৈছে ৩৩ সংখ্যক এন ভি এছ নেচনেল স্পৰ্টছ মীট (টেবল টেনিছ)। দেশৰ মুঠ ৮ টা ৰিজনৰ খেলুৱৈৰ অংশগ্ৰহণেৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ সন্মোহিত বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানটি বিদ্যালয়খনৰ মুকলি খেল পথাৰত পুৱা ১০ বজাৰ পৰা আৰম্ভ হয়।
প্ৰচণ্ড গৰমকো নেওচি মুকলি খেল পথাৰত সমবেত হোৱা খেলুৱৈসকলে উপস্থিত অতিথিসকলক পেৰেডেৰে অভিবাদন জনায়। কমনৱেলথ গেমছৰ স্বৰ্ণ জয়ী লন বল খেলুৱৈ অৰ্জুন নয়নমণি শইকীয়াই প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে। উদ্বোধনী ভাষণত জৱাহৰ নৱোদয় বিদ্যালয়খনৰ পৰিবেশ আৰু এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা খেলুৱৈসকলৰ নিয়ম-শৃংখলা আৰু দায়বদ্ধতা প্ৰত্যক্ষ কৰি তেওঁ অভিভূত হৈ পৰা বুলি কয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/18/whatsapp-ima-2025-08-18-15-57-21.jpeg)
ভাষণত তেওঁ খেলুৱৈসকলক উৎসাহিত কৰি কয়, জীৱন আমি সকলোৱেই জীয়াও। কিন্তু আমি আমাৰ পদচিহ্ন এৰি যাব লাগিব। লাখৰ মাজত এজন হৈ জিলিকিব লাগিব। পিতৃ, মাতৃ, বিদ্যালয়, ৰাজ্য তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিব লাগিব।
অধ্যয়নৰ সমান্তৰালকৈ ক্ৰীড়াৰ গুৰুত্বৰ কথা উল্লেখ কৰি তেওঁ কয়, শিক্ষা অতি গুৰুত্বপূৰ্ণ। শিক্ষাৰ সমান্তৰালকৈ আমি খেলৰ সৈতেও সমানেই আগুৱাই যাব লাগিব। তাৰ বাবে প্ৰয়োজন কঠোৰ নিয়মানুবৰ্তিতা আৰু পিতৃ, মাতৃৰ নিৰ্দেশৰ অনুসৰণ। কঠোৰ নিয়মানুবৰ্তিতা আৰু পিতৃ, মাতৃৰ কথাৰ অনুসৰণ কৰিলে শিক্ষাৰ সমান্তৰালকৈ খেলৰ ক্ষেত্ৰতো সকলোৱেই আগুৱাই যাব পাৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/18/whatsapp-2025-08-18-16-10-33.jpeg)
ক্ৰীড়াৰ জৰিয়তে কিদৰে সংস্থাপিত হ’ব পাৰি সেই কথাও উল্লেখ কৰি তেওঁ কয়, খেলত এজনেই সোণৰ পদক লাভ কৰে। কিন্তু তাৰ পৰা নতুন শিক্ষা তথা অভিজ্ঞতা হৰা, জিকা সকলোৱেই আহৰণ কৰে। ৰাষ্ট্ৰীয় পৰ্যয়াত পদক লাভ কৰিব পাৰিলেই অসম চৰকাৰে কিদৰে চৰকাৰী সংস্থাপন দিয়ে সেই বিষয়েও তেওঁ ভাষণত উনুকিয়াই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/18/whatsapp-imag-2025-08-18-15-55-12.jpeg)
উল্লেখ্য যে, মুঠ ৩ দিনিয়াকৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখন ল’ৰা আৰু ছোৱালী উভয়ৰে মাজত অনুৰ্ধৰ ১৪, ১৭ আৰু ১৯ বছৰ শাখাত ছিংগলছ আৰু ডাৱলছ পৰ্যায়ত অনুষ্ঠিত হৈছে। ৬৩০ খনতকৈ অধিক জৱাহৰ নৱোদয়া বিদ্যালয়ৰ মুঠ ৮ টা ৰিজন ক্ৰমে শ্বিলং, লক্ষ্ণৌ, ভূপাল, চণ্ডিগড়, হায়দৰাবাদ, জয়পুৰ, পাটনা, পোনেৰ ২৪০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক এছ জি এফ আইৰ প্ৰতিযোগিতাৰ বাবে খেলুৱৈ নিৰ্বাচিত কৰা হ’ব।
প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অৰ্জুন নয়নমণি শইকীয়াৰ উপৰিও বিশ্বনাথ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত ড০ সংগীতা বৰঠাকুৰ, জৱাহৰ নৱোদয়া বিদ্যালয়, বিশ্বনাথৰ অধ্যক্ষ ৰাজেশ কুমাৰ বাৰ্মা, জৱাহৰ নৱোদয়া বিদ্যালয়, লখিমপুৰৰ নাশ্বেৰ আলী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। তাৰোপৰি উপস্থিত থাকে মুঠ ৮ টা ৰিজনৰে টীম মেনেজাৰ, ২৪ গৰাকী এছক’ৰ্ট টিছাৰ, ক্ৰীড়া সংগঠক আদি।প্ৰতিযোগিতাখন নিৰেপেক্ষ আৰু সুচাৰুৰূপে পৰিচালনা কৰিবলৈ চীফ ৰেফাৰী হিচাপে আমন্ত্ৰণ কৰি আনিছে এন আই এছ প্ৰশিক্ষক তথা অসম টেবল টেনিছ সন্থাৰ গৌবিন্দ উপাধ্যায়ক। তেওঁৰ সৈতে সহযোগী ৰেফাৰী হিচাপে আছে ৰিংকুমণি ডেকা আৰু দেৱজিত দত্ত। তাৰোপৰি আছে ১৩ গৰাকী আম্পায়াৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/18/whatsapp-imag-2025-08-18-15-54-36.jpeg)
জৱাহৰ নবোদয়া বিদ্যালয় বিশ্বনাথৰ শিক্ষক (PGT- Math) দ্বীপেন মহন্তৰ সম্পূৰ্ণ নিৰীক্ষণত সৰ্বাংগ সুন্দৰভাৱে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনৰ মেচসমূহ অনুষ্ঠিত হৈছে বিদ্যালয়খনৰ গাতে লাগি থকা কৃষি মহাবিদ্যালয়ৰ ইণ্ডোৰ ষ্টেডিয়ামত। বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানত পুৱা অতিথিক আদৰণি জনোৱাৰ পিছতেই বন্তি, প্ৰজ্বলন, পতাকা উত্তোলন আৰু অগ্নি শিখা জ্বলোৱা হয়। তাৰোপৰি বিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে অতিথি, খেলুৱৈসকলোকে স্বাগতম জনায় এক উদ্বোধনী গীত পৰিবেশন কৰাৰ লগতে ছাত্ৰীসকলে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও জনগোষ্ঠীৰ সমন্বয়ৰ চিন হিচাপে এক আকৰ্ষণীয় নৃত্য প্ৰদৰ্শন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us