/asomiyapratidin/media/media_files/2025/11/22/7-2025-11-22-16-19-14.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ নগাঁৱৰ কচুৱা থানাৰ অন্তৰ্গত মাখন গাঁৱত আৰক্ষীয়ে অভিযান চলাই আৱেদ আলিৰ নামৰ এজন লোকৰ ঘৰৰ পৰা নিচাযুক্ত সামগ্ৰীৰ লগতে নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰাৰ অপৰাধত আজগৰ আলি নামৰ এজন লোকক আটক কৰে।
উল্লেখ্য যে আৱেদ আলিৰ ঘৰৰ পৰা নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰিছিল আজগৰ আলিয়ে ।আৰক্ষীয়ে আৱেদ আলি নামৰ লোকজনৰ ঘৰত অভিযান চলাই ১৪টা প্লাষ্টিকৰ কন্টেইনাৰত থকা ৩.০৭ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ।আৰক্ষীয়ে লগতে ২৫খন ২০০ টকীয়া নোট, মুঠ ৫০০০ টকা জব্দ কৰে।
তাৰোপৰি পৰৱৰ্তী সময়ত হেৰ’ইনখিনি জব্দ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এই সম্পৰ্কত কচুৱা থানাৰ উপ-পৰিদৰ্শক অভিজিত গগৈয়ে কচুৱা থানাত এজাহাৰ দাখিল কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us