/asomiyapratidin/media/media_files/2025/08/12/mizoram-12-2025-08-12-12-48-17.jpg)
ডিজিটেল সংবাদ শিলচৰ: চুবুৰীয়া ৰাজ্য মিজোৰামত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যখনৰ বিভিন্ন স্থানত অভিযান চলাই এসপ্তাহৰ ভিতৰত তিনিশ কোটি টকাতকৈয়ো বেছি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰে।
এই সময়ছোৱাত ২৪.২৩৪ কেজি মেথামফেটামাইন তথা য়াবা টেবলেট আৰু ৩.৯৮৯ কেজি হেৰ'ইন জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে। জব্দ কৰা এই বুজণ পৰিমাণৰ ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৩০১ কোটি ৭১ লাখ টকাতকৈয়ো অধিক।
মিজোৰাম আৰক্ষীয়ে জনোৱা মতে, আইজলৰ জেম্বাবক-ছেলিঙ পথত এখন বাহনত তালাচী চলাই সৰ্বাধিক ২০.৩০৪ কেজি মেথামফেটামাইন তথা য়াবা টেবলেট জব্দ কৰা হয়। জব্দ কৰা এই টেবলেটখিনিৰ মূল্য প্ৰায় ৩০০ কোটি টকা।
টাটা যোদ্ধা পিক আপ বাহনৰ পৰা এই টেবলেটৰ উপৰিও ১২০টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচো উদ্ধাৰ কৰা হয়।বাকছ কেইটাৰ পৰা ১.৬২৫ কেজি হেৰ'ইন জব্দ কৰা হয়।
জব্দ কৰা হেৰ'ইনৰ মূল্য প্ৰায় ৪৯ লাখ ৫৬ হাজাৰ টকা। এই নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে বাহনখনৰ চালক লালথা জুৱালাক গ্ৰেপ্তাৰ কৰা হয়।
আনহাতে, চাম্পাই জিলাত চলোৱা অভিযানত ৮৮ টা চাবোনৰ বাকচৰ পৰা আৰক্ষীয়ে ১.০৫৩ কেজি হেৰ'ইন জব্দ কৰে। জব্দকৃত হেৰ'ইনৰ মূল্য ৩১ লাখ ৫৯ হাজাৰ টকা। হেৰ'ইনৰ সৈতে এগনিছ লাৰেম ছিয়ানী নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হয়।
ইফালে, আইজলৰ ছেলিঙ আৰু বাঙবাংলাত চি আই ডি, নাৰ্কোটিকছ বিভাগ আৰু চিআৰপিএফৰ যুটীয়া অভিযানত এখন মাৰুতি ছুজুকি অলটো বাহনৰ পৰা ৩.৯৩০ কেজি মেথামফেটামাইন টেবলেট জব্দ কৰা হয়। জব্দ কৰা হেৰ'ইনৰ মূল্য ৫১ লাখ ৯ হাজাৰ টকা।
এই সংক্ৰান্তত শ্ৰীভূমিৰ এজনসহ তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়।ইফালে, লুংলে আৰক্ষী আৰু অসম ৰাইফলছৰ যুটীয়া অভিযানত ভেটেৰিনাৰী কমপ্লেক্সৰ পৰা ১৮ টা চাবোনৰ বাকচৰ পৰা ২২০ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়।
জব্দ কৰা হেৰ'ইনৰ মূল্য ৬ লাখ ৬২ হাজাৰ টকা।সেইদৰে টুইপুলত আইজলৰ পৰা অহা আন এখন বাহনত তালাচী চলাই আৰক্ষীয়ে ১০ টা চাবোনৰ বাকচৰ পৰা ১২০ গ্ৰাম হেৰ'ইন জব্দ কৰাৰ লগতে তিনিজন যাত্ৰীক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা হেৰ'ইনৰ মূল্য ৩ লাখ ৬০ হাজাৰ টকা।
চাম্পাই আৰক্ষীয়ে খনকন চেগগেটত চলোৱা দুটা পৃথক অভিযানত ১৬ টা চাবোনৰ বাকচৰ পৰা ১৬৭ গ্ৰাম আৰু ৩১ টা চাবোনৰ বাকচৰ পৰা ৩৬৪ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়। আটাইখিনি হেৰ'ইনৰ মূল্য প্ৰায় ১৬ লাখ টকা।
চাম্পাই আৰক্ষী আৰু চিআইডিৰ অভিযানত এখন বাহনৰ পৰা ৩৬ পেকেটত ৪৪০ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়। জব্দ কৰা এই হেৰ'ইনৰ মূল্য ১৩ লাখ ২০ হাজাৰ টকা। হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে লখিমপুৰৰ কল্পজ্যোতি বৰাসহ দুজনক গ্ৰেপ্তাৰ কৰে।