/asomiyapratidin/media/media_files/2026/03/03/whatsapp-image-2026-03-03-12-23-10.jpeg)
ডিজিটেল সংবাদ, বজালীঃ বজালী সমষ্টিৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ভৱানীপুৰ–সৰভোগ সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ সম্ভাৱনা এক প্ৰকাৰ নিশ্চিত বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে। সমষ্টিটো অগপক এৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ পিছতেই আজি পাঠশালাত বজালী বিধান সভা সমষ্টি পৰিষদৰ উদ্যোগত “সংকল্প যাত্ৰা”ৰ অংশ হিচাপে এক বিশাল বাইক ৰেলী উলিয়াই নিৰ্বাচনী ৰণডংকা বজোৱা হয়।
এই কাৰ্যসূচীৰ জৰিয়তে বজালী সমষ্টিত অগপ–মিত্ৰজোটৰ সম্ভাৱ্য প্ৰাৰ্থী ড° ৰণজিৎ ডেকাই নিজৰ নিৰ্বাচনী অভিযানৰ সূচনা কৰে। পাঠশালাৰ মুখ্য ৰাজপথেৰে হাজাৰ হাজাৰ বাইকৰে উলিওৱা এই ৰেলীত দলীয় কৰ্মী-সমৰ্থকৰ ব্যাপক উপস্থিতি লক্ষ্য কৰা যায়, যাৰ ফলত সমষ্টিটোৰ ৰাজনৈতিক পৰিৱেশ অধিক সজীৱ হৈ উঠে।
ইফালে, ড° ৰণজিৎ ডেকাই ভাষণ প্ৰদান কৰি উন্নয়ন, নিয়োগ সৃষ্টি, শিক্ষা ব্যৱস্থাৰ উন্নতি আৰু কৃষিখণ্ডৰ সৱলীকৰণক অগ্ৰাধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয় যে, বজালীৰ সামগ্ৰিক উন্নয়ন আৰু যুৱ প্ৰজন্মৰ ভৱিষ্যৎ সুৰক্ষিত কৰাটো তেওঁলোকৰ মুখ্য লক্ষ্য।
সভাত উপস্থিত জ্যেষ্ঠ নেতাসকলে মিত্ৰজোটৰ শক্তি অধিক দৃঢ় কৰাৰ আহ্বান জনাই আগন্তুক নিৰ্বাচনত বিজয় নিশ্চিত কৰিবলৈ দলীয় কৰ্মীসকলক ঐক্যবদ্ধভাৱে কাম কৰাৰ আহ্বান জনায়। এই সংকল্প যাত্ৰাৰ জৰিয়তে সমষ্টিবাসীৰ মাজত যথেষ্ট সঁহাৰি দেখা গৈছে বুলি আয়োজকসকলে দাবী কৰে। ৰাজনৈতিক মহলেও এই কাৰ্যসূচীক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰিছে।
উল্লেখযোগ্য যে, এই অনুষ্ঠানটোত অগপৰ বজালী সমষ্টি সমিতিৰ সভাপতি জিন্টু চৌধুৰী, নেতা ধৰ্মেশ্বৰ ৰয়, ৰাতুল ৰয়, যুৱ পৰিষদৰ বিজু দাসৰ লগতে বহুতো দলীয় নেতা-কৰ্মী উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us