৩০ লাখ কৰ্মচাৰীৰ বাবে সুখবৰ,চৰকাৰে দিব বোনাচ

৩০ লাখ কৰ্মচাৰীৰ বাবে সুখবৰ,চৰকাৰে দিব বোনাচ

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ । তেওঁলোকে ২০১৯-২০ বৰ্ষৰ বাবে লাভ কৰিব বোনাচ।মোডীৰ কেবিনেটে কৰ্মচাৰী সকলৰ এই বোনাচ প্ৰদানৰ অনুমতি প্ৰদান কৰিছে । কেবিনেট বৈঠকৰ অন্তত এই কথা ঘোষনা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে । উৎপাদনশীলতা সংযোজিত বোনাচ (পিএলবি) বোনাচ লাভ কৰিব দেশৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ১৩.৭০ লাখ কৰ্মচাৰীৰ লগতে বানিজ্যিক প্ৰতিষ্টানৰ ১৬.৯৭ লাখ কৰ্মচাৰীয়ে ।

উল্লেখ যোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নন গেজেটেট কৰ্মচাৰী সকলে এই বোনাচ লাভ কৰে । কেন্দ্ৰীয় কেবিনেটে ৰে'লৱে, পোষ্ট, ৰে'লৱে, ৰক্ষা,ইপিএফঅ', ইএছআইচি-ৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলক ২০১৯-২০ বৰ্ষৰ বাবে উৎপাদনশীলতা সংযোজিত বোনাচ (পিএলবি) পৰিশোধৰ বাবে অনুমোদন প্ৰদান কৰিছে। এই বোনাচৰ ফলত মুঠ বিত্তীয় ব্যয় হ'ব ৩৭৩৭ কোটি টকা । মুঠ ৩০ লাখ কৰ্মচাৰীয়ে লাভ কৰিব এই বোনাচ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in