/asomiyapratidin/media/media_files/2025/11/26/321-2025-11-26-08-19-57.jpg)
ডিজিটেল ডেস্ক : ৰুছ সেনাবাহিনীত ভর্তি হৈ ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ কৰা প্রায় ৩০ গৰাকী বাংলাদেশী যুৱকৰ মৃত্যু হৈছে। এটা সূত্রই দাবী কৰা মতে বাংলাদেশৰ পৰা চাকৰি বিচাৰি ৰাছিয়ালৈ যোৱা শতাধিক যুৱকে ইউক্রেইনত যুদ্ধ কৰি আছে।
মস্কোস্থিত বাংলাদেশৰ দূতাবাসৰ সূত্ৰৰ মতে ৰাছিয়াত থকা বাংলাদেশী পৰিয়ালসমূহৰ বহু সন্তানে ৰুছ বাহিনীত চাকৰি কৰে; তেনে পৰিয়ালসমূহৰ প্ৰায় ৩০ গৰাকীৰ যুদ্ধত মৃত্যু হৈছে। বাংলাদেশ আৰক্ষীৰ 'অপৰাধ অনুসন্ধান বিভাগ'ৰ ডিটেক্টিভ মুস্তাফিজুৰ ৰহমানে 'ডেইলী ষ্টাৰ' কাকতখনক জানিবলৈ দিয়া মতে ইউক্রেইনত বাংলাদেশীসকলৰ মৃত্যুৰ তথ্য সঁচা বুলি ভবা হৈছে।
'বাংলা ট্রিবিউন'ৰ বাতৰি মতে ৰুছ বাহিনীত শতাধিক বাংলাদেশীয়ে যোগদান কৰিছিল। ইয়াৰে যিবোৰ পৰিয়ালৰ সন্তানৰ মৃত্যু হৈছে, তেওঁলোকৰ লগত যোগাযোগ কৰিব পৰা হোৱা নাই বাবে বিতং জানিব পৰা হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us