গুলীচালনাঃ কানাডাত গ্ৰেপ্তাৰ ৩ ভাৰতীয় নাগৰিকক

কানাডাত গ্ৰেপ্তাৰ কৰা তিনিগৰাকী ভাৰতীয় নাগৰিক। কানাডাৰ ছাৰেৰ এটা বাসগৃহৰ বাহিৰত সংঘটিত গুলীচালনাৰ ঘটনাৰ সৈতে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে লোক কেইজনক।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-03 at 6.34.09 PM

ডিজিটেল ডেস্কঃকানাডাত গ্ৰেপ্তাৰ কৰা তিনিগৰাকী ভাৰতীয় নাগৰিক। কানাডাৰ ছাৰেৰ এটা বাসগৃহৰ বাহিৰত সংঘটিত গুলীচালনাৰ ঘটনাৰ সৈতে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে লোক কেইজনক। উল্লেখ্য যে, ১ ফেব্ৰুৱাৰীৰ পুৱতি নিশা প্ৰায় ৩:৫০ বজাত ক্ৰেচেণ্ট ৰোড আৰু ১৩২ ষ্ট্ৰীটৰ ওচৰৰ এটা বাসগৃহৰ বাহিৰত সংঘটিত হৈছিল এই গুলীচালনা। 

লগতে উক্ত স্থানত অগ্নিসংযোগ কৰিছিল লোক কেইজনে। সেই সময়ত ছাৰেৰ ক্ৰেচেণ্ট বিচ এলেকাত তহল দি থকা স্থানীয় আৰক্ষীয়ে তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰু ৫ ফেব্ৰুৱাৰীলৈ আৰক্ষীৰ জিম্মাত থাকিব গ্ৰেপ্তাৰ কৰা লোক কেইজন। 

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, গ্ৰেপ্তাৰ কৰা লোককেইজন উক্ত এলেকাটোত ব্যৱসায়ীসকলৰ পৰা ধন দাবী কৰিছিল আৰু সেই সময়তে সংঘটিত কৰে গুলীচালনা। ছাৰে আৰক্ষীয়ে এনেবোৰ ঘটনাৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ প্ৰজেক্ট এচুৰেন্স নামৰ এক পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এই প্ৰজেক্ট এচুৰেন্সৰ অধীনত আৰক্ষীয়ে এনে স্পৰ্শকাটৰ এলেকাসমূহত সময়ে সময়ে তহল দিয়ে। 

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত কেইজনৰ নাম- হৰজোৎ সিং, তৰণবীৰ সিং আৰু দয়াজিত সিং। উল্লেখযোগ্য যে, ২৬ জানুৱাৰীতো সংঘটিত হৈছে এনে এক গুলীচালনাৰ ঘটনা। এই গুলীচালনাৰ সৈতে জড়িতৰ অভিযোগতো দুজন ভাৰতীয় নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছিল। 

কানাডা