/asomiyapratidin/media/media_files/2025/10/15/1-2025-10-15-10-32-48.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ বুধবাৰে চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হ'ল ৩ গৰাকী প্ৰৱাসী অসমীয়া। সুস্মিতা গোস্বামী, প্ৰীতম ভূঞা আৰু দেৱজ্যোতি হাজৰিকা পুৱাই উপস্থিত হয় চি আই ডি কাৰ্যালয়ত। আজি তিনিওকে জেৰা চলাব এছ আই টিয়ে।
উল্লেখ্য যে, নিৰ্দিষ্ট দিনটোত জুবিন গাৰ্গৰ সৈতে য়টখনত উপস্থিত আছিল সুস্মিতা গোস্বামী, প্ৰীতম ভূঞা আৰু দেৱজ্যোতি হাজৰিকা। সেয়ে আটাইকেইজনক তলব কৰিছিল এছ আই টিয়ে । য়ট পাৰ্টীৰ আয়োজক আছিল তন্ময় ফুকন আৰু ছিংগাপুৰ অসম এছ’চিয়েচনৰ সভাপতি অভিমন্যু।
প্ৰথমে সুস্মিতা গোস্বামী, প্ৰীতম ভূঞা গুৱাহাটীত উপস্থিত হৈছিল যদিও কিছু সময় পূৰ্বে তেওঁলোকক যোগদান কৰে দেৱজ্যোতি হাজৰিকাই। আজি গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা কটকটীয়া নিৰপত্তা ব্যৱস্থাৰে তিনিওকে চি আই ডিৰ কাৰ্যালয়লৈ অনা হয়।
আনহাতে আজি আদালতত জবানবন্দী ল'ব আন দুগৰাকী প্ৰৱাসী অসমীয়া ক্ৰমে তন্ময় ফুকন আৰু অভিমন্যু তালুকদাৰৰ। মঙলবাৰে চি আই ডি কাৰ্যালয়ত উপস্থিত হৈছিল দুয়ো গৰাকী প্ৰৱাসী অসমীয়া। এই পৰ্যন্ত চি আই ডি কাৰ্যালয়ত উপস্থিত হ'ল ১০ প্ৰবাসী অসমীয়া।
প্ৰথমে-প্ৰথমে ৰূপকমল কলিতা হাজিৰ হৈছিল চি আই ডি কাৰ্যালয়ত। পৰৱৰ্তী সময় সোমবাৰে সিদ্ধাৰ্থ বৰা, পৰীক্ষিত শৰ্মা আৰু জলংছাত নাৰ্জাৰীয়ে সাক্ষ্য দিছিল এছ আই টিত।