ৰাজ্যসভা নিৰ্বাচনৰ ৩ প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা

ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে অসমৰ ৩ প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা কৰা হৈছে। এই নিৰ্বাচনৰ বাবে তেৰছ গোৱালা, যোগেন মহন আৰু প্ৰমোদ বড়োৱে মনোনয়ন পত্ৰ দাখিল কৰিছিল।

author-image
Asomiya Pratidin
New Update
rajyasabha

ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে অসমৰ ৩ প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা কৰা হৈছে। এই নিৰ্বাচনৰ বাবে তেৰছ গোৱালা, যোগেন মহন আৰু প্ৰমোদ বড়োৱে মনোনয়ন পত্ৰ দাখিল কৰিছিল। তিনিওৰে মনোনয়ন পত্ৰ নিৰীক্ষণৰ পাছত এই ঘোষণা নিৰ্বাচনী বিষয়া ৰাজীৱ ভট্টাচাৰ্যৰ।

আনহাতে,নিৰ্বাচনী সূচী অনুসৰি অহা ৯ মাৰ্চ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হিচাপে নিৰ্ধাৰণ কৰা হৈছে। যদি সেই দিনাৰ ভিতৰত কোনো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ নকৰে, তেন্তে তিনিওজন প্ৰাৰ্থীক বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী ঘোষণা কৰি বিজয়ৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব বুলি নিৰ্বাচনী বিষয়াই জানিবলৈ দিয়ে।

ৰাজ্যসভা নিৰ্বাচন