বোকাখাতত ড্ৰাগছ আসক্ত ৩ যুৱকক কৰায়ত্ব কৰিলে ৰাইজে

বোকাখাতত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৰাইজে কৰায়ত্ব কৰিলে তিনিজন যুৱকক। বোকাখাতৰ ১০ নং ৱাৰ্ডৰ ৩নং পূৱ দ-গাঁৱত মুকলিকৈ ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত কৰায়ত্ব কৰে যুৱক কেইজনক।

author-image
Asomiya Pratidin
New Update
fgfhgjhgkjhjh

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাতত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৰাইজে কৰায়ত্ব কৰিলে তিনিজন যুৱকক। বোকাখাতৰ ১০ নং ৱাৰ্ডৰ ৩নং পূৱ দ-গাঁৱত মুকলিকৈ ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত কৰায়ত্ব কৰে যুৱক কেইজনক। যুৱকইজন ক্ৰমে বোকাখাতৰে ডনা ফুকন, বাবু সিং আৰু দীৱ্যজ্যোতি দলে।

যুৱক তিনিজনৰ পৰা এটা চিৰিঞ্জ আৰু এটা চাধাৰ টেমাত ভৰাই থোৱা ড্ৰাগছো জব্দ কৰে। পৰৱৰ্তী সময়ত কৰায়ত্ব কৰা যুৱক তিনিজনক বোকাখাত আৰক্ষীক চমজাই দিয়ে স্থানীয় ৰাইজে। স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ লগত জড়িত আছিল যুৱক কেইজন।

বোকাখাত